ৰাস কমিটীলৈ ভাল খবৰঃ অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক দিব ৫০,০০০টকা

ৰাস কমিটীসমূহলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন ৰাস কমিটীলৈ আগবঢ়াব অনুদান। অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক প্ৰদান কৰিব ৫০,০০০ কৈ টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ অন্যান্য ৰাস কমিটীসমূহৰ সমান্তৰালকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ ৰাস কমিটীসমূহো ।

ৰাস বুলি ক’লেই পোন প্ৰথমে মনলৈ আহে সত্ৰপীঠ মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ লগত আছে এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।

কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । এইবছৰ মাজুলীৰ সত্ৰানুষ্ঠানসমূহকে ধৰি ৬৪ খন মঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱভাগ ।

বান-বাৰিষাৰ সকলো দুখ-দুৰ্ভাৱনা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ । ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীৰ প্ৰতিজন লোকৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী । আগন্তুক ৰাস মহোৎসৱৰ বাবে সাজু হৈ উঠিছে সত্ৰসমূহৰ লগতে ৰংগমঞ্চসমূহ । ইতিমধ্যে নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

ৰাস মহোৎসৱৰ ব্যস্ততাৰ মাজতে ৰাস কমিটিসমূহলৈ ৫০,০০০ কৈ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতে ৰাস কমিটীসমূহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । সকলোৱে মুখ্যমন্ত্ৰীগৰাকী তথা অসম চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাইছে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…