অৰ্ধশতাধিক বিমানলৈ বোমা বিস্ফোৰণৰ ভাবুকি…

ভাৰতত অব্যাহত আছে যাত্ৰীবাহী বিমানলৈ ভাবুকি প্ৰদানৰ ঘটনা ৷ দেওবাৰে দেশৰ প্ৰায় ৫০খন বিমানলৈ বোমাৰ ভাবুকি আহে ৷ ইয়াৰে দুখন বিমান গন্তব্যস্থানৰ বিপৰীতে আন ঠাইলৈ ঘূৰাই পঠোৱা হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি দুসপ্তাহত কমেও ৩৫০ খন বিমানলৈ এইদৰে বোমাৰ ভাবুকি আহিছে ৷ সামাজিক মাধ্যমৰ যোগেদি এই ভাবুকিসমূহ প্ৰদান কৰি থকা হৈছে ৷

বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা আকাছা এয়াৰলাইন্সৰ বিমানখনে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে কৰ্তৃপক্ষ সতৰ্ক হয়। লগতে বেংগালুৰুৰ পৰা গোৰখপুৰলৈ অহা আন এখন বিমানলৈও বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ পাছত আতংকৰ সৃষ্টি হয়।

বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা বিমানত বোমা বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক সতৰ্ক কৰি দিয়া হয় । বিমানখনে অৱতৰণ কৰাৰ পাছতে বোমা নিষ্কাশন দলটোৱে তদন্ত আৰম্ভ কৰে । যাত্ৰীসকলকো পৰীক্ষা কৰা হয় । বৰ্তমান সময়ত কোনো ধৰণৰ ভাবুকিৰ সন্ধান পোৱা নাই । অৱশ্যে তদন্ত অব্যাহত আছে ।

আকাছা এয়াৰৰ প্ৰায় ১৫ খন বিমানে নিৰাপত্তা সতৰ্কবাণীৰ সন্মুখীন হোৱাত সকলো বিমানৰে পৰীক্ষা চলোৱা হয় ৷ তাৰ পাছত অভিযানৰ বাবে মুকলি কৰি দিয়া হয় । সূত্ৰ অনুসৰি ইণ্ডিগ’ই ১৮ খন বিমানৰ আৰু ভিষ্টাৰাই ১৭ খন বিমানৰ প্ৰতি ভাবুকি লাভ কৰিছিল ।

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজ নিজ বৈশিষ্ট তথা সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্যৰ অন্তৰ্গত প্ৰতিখন চহৰৰ ঐতিহ্যই নিজ পৰিচয় বহন কৰে। ইয়াৰ মাজতে ভাৰতত এখন এনে চহৰ আছে য’ত ২০০ খনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…