গুৱাহাটীঃ সোমবাৰে অহা এজাক বৰষুণতে ‘স্মাৰ্ট চিটি’ গুৱাহাটীত নাজল নাথল হৈ পৰিল স্বাভাৱিক জীৱন। সোমবাৰে বিয়লি ভাগত দিয়া বৰষুণজাকৰ পিছতে পানীৰ তলত সোমাই পৰে মহানগৰীৰ অৰ্ধেক সংখ্যক অঞ্চল।
বৰষুণৰ পিছত গুৱাহাটীৰ হাতীগাঁও, চানমাৰি, কাহিলীপাৰা, গণেশগুৰি, বেলতলাকে ধৰি বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰে। ৰাজপথ একঁকাল পৰ্যন্ত পানীৰে উপচি পৰাত অচল হৈ পৰে মহানগৰীৰ সদাব্যস্ত জীৱন।
ইফালে কৃত্ৰিম বানত বুৰ যোৱা ৰাজপথৰ বাবে বিভিন্ন প্ৰান্তত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে বহু দুচকীয়া আৰু চাৰিচকীয়া বাহন পথৰ ওপৰতে বিকল হৈ পৰে।
উল্লেখ্য যে, মহানগৰীৰ কৃত্ৰিম বানে বাৰিষাৰ সময়ছোৱাত মহানগৰবাসীক জ্বলাকলা খুৱাই আহিছে। চৰকাৰ আৰু পৌৰ নিগমৰ হেমাহিৰ বাবে গুৱাহাটীত এজাক বৰষুণতে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হোৱাত সততে স্তবিৰ হৈ আহিছে বাৰিষাৰ মহানগৰীৰ জীৱন।