মুখ্যমন্ত্রীৰ গৃহ সমষ্টিত মুন্নাভাইৰূপী চিকিৎসক; ৰাইজৰ মাজত চাঞ্চল্য

আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ নাতি দূৰৈত বিগত ২৫ বছৰৰ পৰা এগৰাকী ভুৱা ডিগ্ৰীধাৰী চিকিৎসকে চিকিৎসা চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

নিজকে পাইলছ আৰু ফিচতুলাৰ বিশেষজ্ঞ বুলি পৰিচয় দিয়া ভুৱা চিকিৎসক গৰাকী কেৱল মেট্ৰিক উত্তীর্ণ।

অঞ্চলটোত বিগত ২৫ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে  লোকজনে। তেওঁ নিজকে ডাঃ জি কীৰ্তানিয়া বুলি চিনাকি দিয়ে।

কলিকতাৰ পৰা আহি আমিনগাঁও ডাকঘৰৰ সমীপত এখন নথি বিহিন ফাৰ্মাছীত বিভিন্ন ধৰণৰ চিকিৎসা কৰে স্বয়ম্ভু চিকিৎসক গৰাকীয়ে।

আনকি অস্ত্ৰোপচাৰ পৰ্যন্ত কৰে বুলিও অভিযোগ আছে এইগৰাকী স্বয়ম্ভু চিকিৎসকৰ বিৰুদ্ধে।

কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ফাৰ্মাছীৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰৰ পিছতেই পোহৰলৈ আহিছে এনে ধৰণৰ স্বয়ম্ভু চিকিৎসকৰ কৰ্মকাণ্ড।

কাৰ ছত্ৰ ছায়াত গঢ়ি উঠিব পাৰিছে এনে ধৰণৰ নথি বিহীন ফাৰ্মাছী তথা ভুৱা চিকিৎসকৰ চিকিৎসা কেন্দ্ৰ সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

Related Posts

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ