গৌৰৱে সেও মানিলেও ভৰলুমুখত শংকৰ সিঙৰ শৃংখলৰ বিৰুদ্ধে গোচৰ

আলফা(স্বা)ৰ ভাবুকিৰ পাছতেই দিছপুৰ থানাত দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰে গৌৰৱ চোমানিয়ে। দিছপুৰ থানাত দাখিল কৰা এজাহাৰখন মঙলবাৰে প্ৰত্যাহাৰ কৰে চোমানিয়ে।

সেও মানিলে গৌৰৱে
সেও মানিলে গৌৰৱে

গৌৰৱ চোমানি নামৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা ন-বিজেপি কৰ্মীগৰাকীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈক কেইজনমান অনাঅসমীয়া ব্যক্তিয়ে প্ৰহাৰ কৰা পাছতেই শিৱসাগৰৰ ৩০ৰো অধিক দল-সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদতেই নিজস্ব শৈলীৰে অনাঅসমীয়া লোকক সকীয়নি প্ৰদান কৰিছিল শৃংখল চলিহাই। যাৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল গৌৰৱ চোমানিয়ে।

ন-বিজেপি গৌৰৱ চোমানি
ন-বিজেপি গৌৰৱ চোমানি

কিন্তু গৌৰৱ চোমানিৰ এই এজাহাৰৰ ভিত্তিত শৃংখল চলিহা গ্ৰেপ্তাৰ হলে ইয়াৰ বিষম পৰিস্থিতিৰ সৃষ্টি হব বুলি ভাবুকি প্ৰদান কৰিছিল আলফা(স্বা)এ। আলফাৰ এই ভাবুকিৰ পাছতেই গৌৰৱ চোমানিক সশস্ত্ৰ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছিল যদিও মঙলবাৰে তেওঁ দিছপুৰ থানাত প্ৰদান কৰা গোচৰ প্ৰত্যাহাৰ কৰে।

গৌৰৱ চোমানিলৈ আলফাৰ সকীয়নি
গৌৰৱ চোমানিলৈ আলফাৰ সকীয়নি

গৌৰৱ চোমানিয়ে এজাহাৰ প্ৰত্যাহাৰ কৰিলেও বিপদ কমা নাই শৃংখল চলিহাৰ। দিছপুৰ থানাত দাখিল কৰা এজাহাৰ গৌৰৱ চোমানিয়ে উঠাই লৈছে যদিও ভৰলুমুখ থানাত শংকৰ সিং নামৰ আন এজন ব্যক্তিয়ে দাখিল কৰিছে এজাহাৰ।

শৃংখলৰ বিৰুদ্ধে শংকৰ সিঙৰ এজাহাৰ
শৃংখলৰ বিৰুদ্ধে শংকৰ সিঙৰ এজাহাৰ

 

লগতে পঢ়কঃ শৃংখলৰ বিৰুদ্ধে এজাহাৰ দি সশস্ত্ৰ নিৰাপত্তাৰক্ষী পালে ন-বিজেপি গৌৰৱ চোমানিয়ে

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে