আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

গৌতম আদানীৰ লগতে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ উচ্চপদস্থ বিষয়া তথা গৌতম আদানীৰ ভতিজা সাগৰ আদানীক একেই গোচৰত অভিযুক্ত কৰিছে আমেৰিকাৰ ন্যায় বিভাগ আৰু প্ৰতিষ্ঠানটোৱে।

কেৱল ইমানেই নহয়, কোটি কোটি টকাৰ চুক্তি লাভৰ বাবে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আদানীৰ বিৰুদ্ধে। সংস্থা দুটিয়ে দাবী কৰে যে ২০২১ চনৰ জুলাই মাহৰ পৰা ২০২২ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আদানী গোটে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

ভাৰতীয় বিষয়াক ২৫ কোটি ডলাৰৰ ওপৰত উৎকোচ দি আদানীয়ে সৌৰশক্তি যোগানৰ বাবে লাভজনক চুক্তি লাভ কৰিছিল।এই আটাইকেটা অভিযোগ উত্থাপন কৰি ইয়াৰ সত্য সত্যতা নিৰূপণ কৰিবলৈ আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আমেৰিকা প্ৰশাসনক তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।

ইতিমধ্যে দুয়োটা সংস্থাৰ আহ্বানৰ প্ৰতি সন্মান জনাই ৱাশ্বিংটন দুৰ্নীতি বিৰোধী গোটে ক্ষীপ্ৰতাৰে তদন্ত চলাই আছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে