নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

মেৰিলেণ্ডৰ স্লিগো ছেভেন্থ-ডে এডভেণ্টিষ্ট চাৰ্চত শুকুৰবাৰে এক অনুষ্ঠানত এটা নতুনকৈ গঠিত বেচৰকাৰী সংগঠন ”ইণ্ডিয়ান আমেৰিকান মাইনোৰিটিজ এছ’চিয়েচন” (AIAM)- এ আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। এই সংগঠনৰ উদ্দেশ্য হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ভাৰতীয় আমেৰিকান সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণ আৰু একতা বৃদ্ধি কৰা।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংখ্যালঘু উন্নয়নৰ বাবে ড০ মাৰ্টিন লুথাৰ কিং জুনিয়ৰ গ্লোবেল পিচ বঁটা প্ৰদান কৰা হয়। এই বঁটা ৱাশ্বিংটন এডভেণ্টিষ্ট বিশ্ববিদ্যালয় আৰু AIAM-ৰ দ্বাৰা যুটীয়াভাৱে আগবঢ়োৱা হৈছে। সামগ্ৰিক উন্নয়ন আৰু সংখ্যালঘু কল্যাণৰ ক্ষেত্ৰত মোডীয়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰিছে।

প্ৰখ্যাত শিখ সমাজসেৱক জছদীপ সিঙক AIAM ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। তেওঁৰ নেতৃত্বত সংগঠনটোত সাত জনীয়া পৰিচালক মণ্ডলী আছে। এই পৰিচালক মণ্ডলীয়ে ভাৰতৰ বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব।

এই সদস্যসকলৰ ভিতৰত আছে বলজিন্দৰ সিং আৰু ড০ সুখপাল ধনোৱা (শিখ), পৱন বেজৱাড়া আৰু আলিশা পুলিভাৰাটি (খ্ৰীষ্টান), দীপক ঠাক্কৰ (হিন্দু), জুনেইদ কাইজী (মুছলমান), আৰু নিছিম ৰুবেন (ভাৰতীয় ইহুদী)।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি AIAM ৰ অধ্যক্ষ জছদীপ সিঙে প্ৰধানমন্ত্ৰী মোডীৰ “ভিজন ইণ্ডিয়া”ৰ দৃষ্টিভংগী ৰূপায়ণত সংগঠনটোৰ ভূমিকাৰ বিষয়ে কয়, “প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছে, যি ধৰ্ম, জাতি বা সম্প্ৰদায় নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ বাবে সমান সুযোগ নিশ্চিত কৰে।”

ভাৰতৰ সাংসদ আৰু ভাৰতীয় সংখ্যালঘু ফেডাৰেচনৰ সমন্বয়ক ছাস্তানাম সিং সান্ধুৱে প্ৰধানমন্ত্ৰী মোডীৰ অধীনত ভাৰতৰ পৰিৱৰ্তনক প্ৰশংসা কৰে। তেওঁ মোডীৰ “সবকা সাথ, সবকা বিকাশ” নীতিক প্ৰশংসা কৰে। সিঙে কয় যে, মোডীয়ে আপোচ কৰাৰ সংস্কৃতি নিৰ্মূল কৰিছে।

ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, মোডীয়ে ভাৰতৰ সাংবিধানিক প্ৰতিশ্ৰুতি, ধৰ্মনিৰপেক্ষতা পালন কৰিছে। ভাৰতক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰিছে।
সংগঠনটোৱে সাম্প্ৰদায়িক বিভাজন সৃষ্টিৰ প্ৰচেষ্টাক গৰিহণা দিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে