গড়াজান হত্যাকাণ্ডঃ বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন…

ৰূপহীহাটৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ ঘোষণা । হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ নিৰ্দেশ দিছে বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে ।

দেওবাৰে গড়াজানৰ ঘটনাস্থলীত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে । হৰমিত সিঙে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্তৰ বুজ লোৱাৰ লগতে ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰে ।উল্লেখ্য যে ৰূপহীহাটৰ গড়াজানত শুকুৰবাৰে সন্ধিয়া ঘৰৰ ভিতৰতেই চাৰিজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

গড়াজানৰ ঘুনুধৰ সৰকাৰৰ বাসগৃহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে পৰিয়ালটোৰ ৩ জন সদস্যৰ লগতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । ঘটনাৰ ৩ দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাৰ দোষীৰ সন্ধান উলিয়াব পৰা নাই । ইতিমধ্যে অসম আৰক্ষী আৰু চিআইডিৰ দলে তদন্ত আৰম্ভ কৰিছে ।

তাৰ মাজতে নগাঁও আৰক্ষীক এছআইটি গঠন কৰিবলৈ নিৰ্দেশ দিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে । লগতে এই হত্যাকাণ্ডটো অতি মৰ্মান্তিক বুলিও উল্লেখ কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ হ’ব বুলি আশ্বাস দিয়ে হৰমিত সিঙে । তেওঁ উল্লেখ কৰা মতে আৰক্ষীয়ে ইতিমধ্যে কিছু তথ্য প্ৰমাণ লাভ কৰিছে যদিও তদন্তৰ খাতিৰত ৰাজহুৱা কৰিব পৰা নাই ।

তেওঁ কয়, “কালি চিআইডি আৰু ফৰেনচিকৰ দল আহি তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে । এতিয়া লেব ৰিপৰ্ট আহিব । ফৰেনচিক আৰু ফিংগাৰ ৰিপৰ্ট আহিব । তাৰ পৰা আমাৰ যি সন্দেহ আছে সেইটো ওলাব । এইটো অতি মৰ্মান্তিক ঘটনা । সমাজত এনে ঘটনা হ’ব নালাগে ।”

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…