১.৫ কোটি টকা ব্যয় সাপেক্ষে সৰোবৰ-ওলোমা সেতু উদ্বোধন লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

 বৰপেটাৰোড নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বৰপেটাৰোড পৌৰসভাই নিৰ্মাণ কৰা বিষ্ণু-জ্যোতি সৰোবৰ, সৰোবৰৰ ওপৰত নির্মাণ কৰা ওলোমা সেতু আৰু অম্বিকাগিৰী চ’কত নিৰ্মাণ কৰা ক্লক টাৱাৰ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।

ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰ, ফণীধৰ তালুকদাৰ, বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু পৌৰপতি ৰাজেশ সৰকাৰ ।বৰপেটাৰোড পৌৰসভাই ৬৪ লাখ ৭৫ হেজাৰ টকা ব্যয়সাপেক্ষে চহৰখনৰ বিষ্ণু-জ্যোতি সৰোবৰত ওলোমা সেতু নিৰ্মাণ কৰাৰ লগতে ৩৯ লাখ ৪২ হেজাৰ টকা ব্যয়েৰে ক্লক টাৱাৰটো নিৰ্মাণ কৰে ।

১.৫ কোটি টকা ব্যয় সাপেক্ষে বিষ্ণু-জ্যোতি সৰোবৰৰ চৌদিশে পকী দেৱাল নিৰ্মাণ কৰাৰ লগতে সেই দেৱালত আটকধুনীয়াকৈ বিভিন্ন ছবিও অংকন কৰা হৈছে । বৰপেটাৰোড পৌৰসভাই নিৰ্মাণ কৰা তিনিওখন অভিলাষী আঁচনি উদ্বোধন কৰাৰ পাছত এখন মুকলি সভাতো অংশ লয় ৰাজ্যপাল আচার্যই ।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে