মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী।
পুনৰ এবাৰ পৰিস্থিতি ভয়াবহ হৈ পৰাত ৰাজ্যজুৰি ৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। তিনিখন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ।
ইফালে, শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রই মণিপুৰত চি আৰ পি এফৰ দুটা নতুন বেটেলিয়ন মোতায়েন কৰাৰ নির্দেশ দিছে, য’ত প্রায় ২০০০ জোৱান থাকিব৷
ৰাজ্যৰ ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অৱনতি ঘটা আইন-শৃংখলা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে। এই কাৰণে তেওঁক পদৰ পৰা অপসাৰণ কৰিব লাগে। এই দাবীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁলোকে ৰাজভৱনৰ দিশে সমদল উলিয়াইছিল।