

আজি কালী পূজা, কাইলৈ দীপাৱলী। ৰাজ্যৰ সৰ্বস্তৰতে পোহৰৰ উৎসৱৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। গুৱাহাটী মহানগৰীৰ উপৰিও আন আন প্ৰান্ততো বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে।
মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা হৈছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিৰেও বজাৰসমূহ ভৰি পৰিছে। ইয়াৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে দোকানসমূহ সজাই তোলা হৈছে।
ইপিনে, প্রদূষণ নিয়ন্ত্রণ বোর্ডে সকলোকে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত ৰাজহুৱা শান্তি-শৃংখলা, সুৰক্ষা তথা শব্দ প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ আৰু পৰিৱেশ সুৰক্ষা নিয়ম ১৯৮৬ৰ প্ৰতি সন্মান জনাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত দীপাৱলীৰ দিনা নিশা ১০ বজালৈ আৰু ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে নাগৰিকক ফটকা ফুটাবৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছে।