শ্ৰীনগৰৰ সাপ্তাহিক বজাৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপঃ আহত ১০ জন

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত দেওবাৰে সন্ত্ৰাসবাদী আক্ৰমনৰ ঘটনা সংঘটিত হয়। সন্ত্ৰাসবাদীৰ টি আৰ চি আৰু দেওবৰীয়া বজাৰত গ্ৰেনেড নিক্ষেপ কৰে। এই ঘটনাত ১০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, সাপ্তাহিক বজাৰৰ বাবে অঞ্চলটোত বজাৰ কৰা লোকৰ বিপুল ভিৰ হয় আৰু সন্ত্ৰাসবাদীয়ে ইয়াৰে সুযোগ লৈ এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ কৰে।

গ্ৰেনেড বিস্ফোৰণৰ পিছতে অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হয় । সূত্ৰই জনোৱা মতে, পৰ্যটন অভ্যৰ্থনা কেন্দ্ৰৰ খেলপথাৰৰ বাহিৰত গ্ৰেনেড নিক্ষেপ কৰাত কমেও ১২ জন সাধাৰণ নাগৰিক আহত হয় । আহতসকলক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ SMHS হাস্পতাললৈ যোৱা হৈছে। সম্প্ৰতি ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰাৰ লগতে অঞ্চলটো ঘেৰাও কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, মাত্ৰ এদিন পূৰ্বে শনিবাৰে শ্ৰীনগৰৰ খনিয়াৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল। এই ঘটনাত এজন সন্ত্ৰাসবাদী নিহত হৈছিল।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…