ABVP-ACPৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা

ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল। অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কৌশিক বৰুৱা সাধাৰণ সম্পাদক পদত জয়ী হৈছে। বিশ্ববিদ্যালয়খনৰ গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাবাসৰ আৱাসী কৌশিক বৰুৱাৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

ইফালে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতিম কলিতাই সভাপতি পদত জয়ী হয়। গুৱাহাটী বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ মানস কলিতাৰ ঘৰ ৰঙিয়াত।

আনহাতে উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদককে ধৰি ৬টা পদত জয় লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে। উপ-সভাপতি পদত জয়ী হৈছে উদীপ্ত বায়ন। সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছে নিমিশা শইকীয়া। সাহিত্য সম্পাদকত জয়ী হৈছে প্ৰাণজি কোচ। সাংস্কৃতিক সম্পাদক পদত জয়ী হৈছে বন্দিতা ডেকা।

ইফালে ক্ৰীড়া সম্পাদক ৰৌশন কুমাৰ চাহু, সংগীত বিভাগৰ সম্পাদক পদত নিবেদিতা কলিতা, গুৰুত খেল বিভাগৰ সম্পাদক পদত দীপজ্যোতি শৰ্মা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত উজ্জ্বল কলিতা, শৰীৰচৰ্চা বিভাগৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন, সমাজ সেৱা বিভাগৰ সম্পাদক পদত দীপজ্যোতি চহৰীয়া আৰু তৰ্ক বিভাগৰ সম্পাদক পদত মিণ্টু ডেকাই জয় লাভ কৰে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…