

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰে। বামুণীমৈদামৰ বাসগৃহত উপস্থিত হৈ কেইবাটাও সংগঠনৰ নেতৃত্বই শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালক শোক প্ৰস্তাৱ প্ৰদান কৰে। সংগঠনৰ নেতৃত্বৰ সৈতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে সদ্য বৈকুণ্ঠগামী গণশিল্পী সূৰ্য্য দাসৰ ঘৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। সঞ্জীৱ দাসে জীৱিতকালত গণশিল্পী সূৰ্য্য দাসে যি সন্মান পাব লাগিছিল সেই সন্মান নোপোৱা বুলি কৈ উদ্বেগ প্ৰকাশ কৰি মৰণোত্তৰ ভাৱে সন্মান প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। গুৱাহাটী চহৰত সূৰ্য্য দাসৰ এটা আৱক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে গণশিল্পীগৰাকীৰ নামত এটা বঁটা ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনায়। দাসে আৰু কয় যে জাতিটোৰ সংকটৰ সময়ত সবল কণ্ঠ হৈ থিয় দিয়া গণশিল্পী সূৰ্য্য দাস অসমীয়া জাতিৰ বজ্ৰকণ্ঠ আছিল৷ জাতি, মাটি আৰু মানুহৰ গান গোৱা সূৰ্য্য দাস আমাৰ আৱেগ আছিল৷ মানুহৰ গান গোৱা সূৰ্য দাস সদায়েই বজ্ৰকণ্ঠ হৈ থাকিব।