গুৱাহাটীত ৰঙিয়াৰ চক্ৰ বিষয়া দেৱাশিস বৰঠাকুৰৰ তাণ্ডৱ

ক্ষমতাৰ ৰাগীত উভতগোৰে নচা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰত শ-শ লোকৰ সন্মুখত কটনৰ ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰনৌযাওতেই এইবাৰ গুৱাহাটীত এজন এচিএছৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰীত ভঙাগড়ত মদৰ ৰাগীত মাতাল এচিএছ বিষয়াই তাণ্ডৱ সৃষ্টি কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এচিএছ দেৱাশিস বৰঠাকুৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ জানিব পৰা মতে, মদ্যপান কৰি অহা দেৱাশিস বৰঠাকুৰে ভঙাগড়ত ৰাজহুৱা স্থানত উদ্ভণ্ডালি কৰে৷ এএছ-০১-এফকে-১৩৯২ নম্বৰৰ মহিন্দ্ৰা এক্সইউভি বাহন মুখ্যপথত ৰখাই কাৰোৰে কথা শুনিবলৈ প্ৰয়াস কৰা নাছিল৷ দীৰ্ঘ সময় পথৰ মাজত বাহন ৰখাই থোৱাত অইন বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। কৰ্তব্যৰত আৰক্ষীয়ে বাৰে বাৰে গাড়ী আতৰ কৰিবলৈ প্ৰয়াস কৰিছিল যদিও আৰক্ষীকহে ওলোচাই ধমক দিয়া বুলি স্থানীয় লোকে অভিযোগ আনিছে৷ মদৰ ৰাগীত মাতাল হৈ থকা বুলি সন্দেহ কৰা বিষয়াজনে আৰক্ষীকহে নীতিশিক্ষা দিয়াৰ অভিযোগ উঠিছে৷ অৱশেষত আটক কৰি ভঙাগড় আৰক্ষীয়ে থানালৈ নিয়া হয় দেৱাশিস বৰঠাকুৰক৷ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি জানিব পৰা গৈছে৷ জানিব পাৰ মতে, কামৰূপ জিলাৰ ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া দেৱাশিস বৰঠাকুৰ।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে