
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে কলিংগ ভাৰতী ফাউণ্ডেচন নামৰ সংস্থাটোৱে৷ সংস্থাটোৰ প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় সভাপতি অক্ষয় কুমাৰ সামাই সম্বোধন কৰা সংবাদমেলখনত শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিতব্য কলা মহোৎসৱ সন্দৰ্ভত ব্যাখ্যা প্ৰদান কৰি এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ আহ্বান জনায়৷ অক্ষয় কুমাৰ সামা আৰু প্ৰণৱ শইকীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰেছ বিবৃতিত লিখিছে যে, কলিংগ ভাৰতী দলৰ দ্বাৰা অসমৰ গুৱাহাটীত কলা মহোৎসৱৰ আয়োজন কৰা হৈছে। কলিংগ ভাৰতী ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰতিষ্ঠাপক তথা সামাজিক উদ্যোগী অভিযন্তা অক্ষয় কুমাৰ সামাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী৷ সংগঠনটোৰ সভাপতি অক্ষয় কুমাৰ সামাই কয়, ‘কলা মহোৎসৱ হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সংগীত আৰু নৃত্য সংমিশ্ৰিত এক কাৰ্যসূচী যিটো ইতিমধ্যে ওড়িশা আৰু ৰাজস্থানত আৰম্ভ হৈছে আৰু জুন মাহত হাৰিয়ানাত সামৰণি পৰিব। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসমৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য এখনত ১১ এপ্ৰিল ২০২৫ তাৰিখে (শুকুৰবাৰে) বিয়লি ৪.৩০ বজাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজন কৰিবলৈ লোৱা হৈছে৷ এই অনুষ্ঠানত উপস্থিত থাকিব ড° অমৰিন্দৰ খট্টা, প্ৰাক্তন সচিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু প্ৰাক্তন DGP, ICRকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি৷ অসম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ওড়িশাৰ পৰা ৭৫ জনতকৈ অধিক সদস্যই নিজৰ নৃত্য আৰু সংগীত উপস্থাপন কৰিব দিল্লীৰ পৰা।’ সংস্কৃতি, সংগীত আৰু ঐতিহ্যক প্ৰচাৰ কৰি এখন উন্নত ভাৰতৰ বাবে ২০৪৭ চনৰ সপোন বাস্তৱায়িত কৰাৰ পথ প্ৰশস্ত কৰাটোৱেই এই অনুষ্ঠানৰ মূল উদ্দেশ্য বুলি আয়োজকে জানিবলৈ দিয়ে। কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া৷ আয়োজকে লগতে জানিবলৈ দিয়ে যে কলিংগ ভাৰতী ফাউণ্ডেচন হৈছে দিল্লীস্থিত এক আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংস্থা৷ যোৱা দহ বছৰ ধৰি এই সংস্থাটোৱে ভাৰতত সংস্কৃতি আৰু সম্প্ৰদায় উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আছে।