গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপমান, কাৰ্যকাল অন্ত পৰাৰ ২৫ দিন পূৰ্বেই এৰিলে কাৰ্যভাৰ

গুৱাহাটীঃ শিক্ষা ব্যৱস্থাত ৰাজনীতিৰ অনুপ্ৰৱেশক লৈ ব্যাপক চৰ্চা চলি অহাৰ সময়তে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ননী গোপাল মহন্তক। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকালৰ অন্ত পৰিবলৈ আৰু ২৫ দিন বাকী থকা সময়তে ৰাজ্যপালে ননী গোপাল মহন্তক এই গুৰুত্বপূৰ্ণ পদত স্থলাভিষেক কৰোৱাকলৈও বহুজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বৰ্ত্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়েও ছচিয়েল মিডিয়াযোগে পোষ্ট কৰি এই সন্ধর্ভত মত প্ৰকাশ কৰা দেখা গৈছে। সন্দিকৈয়ে তেওঁৰ ফেচবুক পোষ্টত লিখিছে- “২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো। মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব। মোৰ কাৰ্যকাল শেষ হবলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ। মই আতঁৰি যাবলৈ সাজু হৈছো। জীৱনে মোক নিৰ্মোহ হবলৈ শিকাইছে। মনৰ মাজত নিসংগ অহং। গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সৰ্বকাল।”

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ ননী গোপাল মহন্তক ২০২১ চনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত মহন্তই শেহতীয়াকৈ এই পদৰ পৰা পদত্যাগ কৰাৰ পিছতে তেওঁক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদানৰ চৰ্চা আৰম্ভ হৈছিল।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ