আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্ক : শনিবাৰে পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬-০০ বজালৈকে ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব। এইবাৰৰ নিৰ্বাচনত ৯০ আসনৰ বাবে মুঠ ১০৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ২০,৬৩২ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বমুঠ ২,০৩,৫৪,৩৫০ গৰাকী ভোটাৰে ভোটদান কৰি নিৰ্ণয় কৰিব ১০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

এই নিৰ্বাচনত পুনৰ ক্ষমতা দখলৰ বাবে নামিছে বিজেপিয়ে। আনহাতে পূৰ্বৰ ব্যৰ্থতা আঁতৰাই কংগ্ৰেছেও এই যুঁজত বীৰদৰ্পে অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এইবাৰ কাৰ দখলত যাব হাৰিয়ানা সেই সন্দৰ্ভত অহা ৮ অক্টোবৰৰ দিনা ফলাফল ঘোষণাৰ হোৱাৰ পাছতহে জানিব পৰা যাব।

এইবাৰৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী হিচাপে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী নায়ব সিং ছাইনী, কংগ্ৰেছৰ ভূপেন্দ্ৰ হুদা, জেজেপিৰ দুষ্যন্ত চৌটালা, প্ৰাক্তন তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ নাম। এইকেইগৰাকী প্ৰাৰ্থীৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে