মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্পৰী-চিঞ্চৱাড়ৰ বাৱধন অঞ্চলৰ কে কে ৰাও পাহাৰীয়া অঞ্চলত আজি পুৱা প্ৰায় ৭.৩০ বজাত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন পাইলট আৰু এজন অভিযন্তা নিহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন বাহন সেই স্থানত উপস্থিত হয়। এই সন্দৰ্ভত পুনে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ মতে, হেলিকপ্টাৰখনে পুৱা প্ৰায় ৭.৩০ বজাত অক্সফৰ্ড গলফ কোৰ্ছৰ সমীপৰ হেলিপেডৰ পৰা জুহুলৈ যাবলৈ উৰা মাৰিছিল। মাত্ৰ পাঁচ মিনিটৰ পিছত প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।
দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে হেলিকপ্টাৰখনত জুই লগাৰ ফলত তিনিওজন লোকৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত হিঞ্জেৱাড়ী আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে মুম্বাইৰ পৰা ৬ জনীয়া এটা দল পুনেলৈ ৰাওনা হৈছে।