৩০ ছেপ্তেম্বৰলৈ সোণাপুৰৰ কচুতলীত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ।গুৱাহাটী উচ্চ ন্যায়লয়ত দাখিল কৰা লেখ আবেদনৰ শুনানী গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰে আদালতে।
ম্যাদী পট্টা থকা একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে কৰিছিল আবেদন। ট্ৰাইবেল বেল্ট ঘোষণা কৰা পূৰ্বে বসবাস কৰিছিল একাংশ লোকে।
১৯২৩ চনৰ ম্যাদী পট্টাৰ নথী দাখিল আদালতত। অৰ্থাৎ ট্ৰাইবেল বেল্ট ঘোষণা কৰা পূৰ্বে কচুতলীত বসবাস কৰিছিল এইসকল লোকে।
আবেদনকাৰী সকলক তেওঁলোকৰ নথি-পত্ৰ জিলা আযুক্তক দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
৩০ ছেপ্তেম্বৰৰ ভিতৰত জিলা আয়ুক্তই পৰীক্ষা কৰিব লাগিব আবেদনকাৰীৰ নথি।
উপযুক্ত নথি থকা লোক সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ট্ৰাইবেল বেল্টৰ সংৰক্ষণ বিধি।