কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

ভূটান আৰু ইয়াৰ নাগৰিকসকলৰ উন্নয়ন তথা আঞ্চলিক অর্থনৈতিক উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটানৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্রত এই আলোচনাত বিশেষভাৱে আলোকপাত কৰা হয় বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে ভূটানৰ প্রধানমন্ত্রীৰ সৈতেও দুয়োখন ভূ-খণ্ডৰ পাৰস্পৰিক বিষয়সমূহৰ লগতে ভূটানৰ সৈতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও সৌহার্দ্যপূর্ণ অলোচনা কৰে ।

এই আলোচনাক লৈ মুখ্যমন্ত্রী ড৹ শৰ্মাই কয়, “ভূটান আৰু অসমৰ মাজত পূর্বৰে পৰা ৭ টা বাণিজ্যিক পথেৰে দুয়োখন ভূ-খণ্ডৰ মাজত যাতায়ত ব্যৱস্থা অব্যাহত আছে । অসম-ভূটান সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ভূটানৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি দুয়োখন ভূ-খণ্ডৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি অতিৰিক্ত পথৰ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াব ৷” তদুপৰি, অসম মালা প্রকল্পৰ অধীনত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্রহণৰ বিষয়ে মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…