দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰীৰ সৈতে হোৱা বৈঠকক বিষয় সন্দৰ্ভত এই পৰ্যন্ত জানিব পৰা নাই যদিও শৰ্মাৰ মন্ত্ৰীসভা ৰদ-বদলৰ বিষয়টোৱে এই আলোচনাত স্থান পোৱা বুলি ধাৰণা কৰা হৈছে। ইফালে নীতিন গাডকাৰীৰ সৈতে অসমত চলি থকা কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে বুলি এক্সত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এই আলচনাকালত গুৱাহাটী ৰিং ৰোডকে ধৰি চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ ওপৰত বিশদ আলোচনা কৰা হয়। লগতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰা বুলি এক্সযোগে জনাই নীতিন গাডকাৰীয়ে। মাজুলী সংযোগী দলং প্ৰকল্পক দ্ৰুতগতিত আগুৱাই নিয়াৰ বাবে গাডকাৰীৰ সিদ্ধান্তক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখিত বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই এক্সত প্ৰকাশ কৰে যে,অসমৰ তিনিটা ফ্লেগশ্বিপ আন্তঃগাঁথনি প্ৰকল্প – গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিডৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ কাম সময়মতে আৰম্ভ কৰা; যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্ৰগতি ত্বৰান্বিত কৰা, আমাৰ পূৰ্বৰ মতামতৰ পিছত বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি ডাবল লেনৰ হাইৱেলৈ ৰূপান্তৰকৰণৰ কাম দ্ৰুতগতিত কৰাৰ প্ৰতিশ্ৰুতিয়ে আপ্লুত কৰি তুলিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ২০২৫ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম সন্মিলনলৈ নাড্ডাক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী শৰ্মাই ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে