

চিদলী বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। এই সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ অন্যতম সহযোগী দল ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।
আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি, ইউ পি পি এল আৰু অগপ দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কিছু দিনৰ পিছত চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত আমাৰ সহযোগী দল ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰদান কৰিব’।
অক্টোবৰ-নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মা। ইফালে বঙাইগাঁও সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয়, ‘বঙাইগাঁৱত আমি অসম গণ পৰিষদ দিম। ২০২১ চনত যি ধৰণে আসন ভাগ বতৰা হৈছিল ঠিক সেইদৰেই উপ-নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম। বিহালী, ধলাই আৰু চামগুৰিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিম’।