
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্র সমালোচনাৰে থকা সৰকা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বংগ চৰকাৰৰ ব্যৰ্থতাৰ বাবেই বংগবাসী বানপানীৰ কবলত পৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই বিষয়ত তেওঁ কয়, ‘মই আচৰিত হৈছো যে মমতা দিদীয়ে নিজৰ বিষয়াৰ ওপৰত নহয় ঝাৰখণ্ডৰ জনসাধাৰণৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। ৰাজ্যৰ সীমান্ত ছীল কৰি ঝাৰখণ্ডৰ ৰাইজক পাঠ দি আছে আৰু এই ক্ষেত্রত ঝাৰখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী মৌন।’
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট লিখিছে। য’ত তেওঁ দাবী কৰে যে কেন্দ্ৰৰ বিজেপি চৰকাৰেও কৈছে যে বংগৰ বানপানীত ঝাৰখণ্ডৰ কোনো দোষ নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বিষয়টো কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়, ই ঝাৰখণ্ডৰ জনসাধাৰণৰ প্ৰতি সন্মানৰ বিষয়, কিন্তু সেইবাবেই ঝাৰখণ্ড মুক্তি মৰ্চাই মৌনতা অৱলম্বন কৰিছে। তেওঁলোকৰ বাবে ৰাষ্ট্ৰৰ ধৰ্মতকৈ ৰাজনীতিৰ ধৰ্ম ডাঙৰ। ঝাৰখণ্ডৰ ৰাইজে ভাবিব লাগে যে যি দলে নিজৰ ৰাজ্যৰ মৰ্যাদা ৰক্ষা কৰিবলৈ সক্ষম নহয়, সেই দল এটাক আপুনি আৰু এটা সুযোগ দিব লাগেনে?
উল্লেখ্য যে, আগন্তুক বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত বিজেপিৰ হৈ প্ৰচাৰ কৰি থকা সময়তে শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগতে মমতা বেনাৰ্জীক চোকা ভাষাৰে সমালোচনা কৰি ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা অব্যাহত ৰাখিছে।