মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ পূৰ্বৰ পৰা হিন্দু মেইটেই আৰু সংখ্যালঘু খ্ৰীষ্টান কুকিসকলৰ মাজত সংঘৰ্ষ অব্যাহত আছে।

মণিপুৰত স্থায়ী শান্তি স্থাপনৰ উদ্দেশ্যেৰে আজিৰ বৈঠকত উপস্থিত হয় গৃহ বিভাগৰ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া। এই বৈঠকত মণিপুৰৰ পৰা কুকীৰ ৪ গৰাকী বিধায়ক, নগা সম্প্ৰদায়ৰ ৩ গৰাকী বিধায়ক আৰু মেইটেই সম্প্ৰদায়ৰ ৯ গৰাকী বিধায়ক উপস্থিত আছিল।

এই বৈঠকত সৰ্বসন্মতি ক্ৰমে সকলো সম্প্ৰদায়ৰ ৰাজ্যবাসীক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ সংকল্প লোৱা হয় যাতে নিৰীহ নাগৰিকে মূল্যৱান জীৱন আৰু যাতে হেৰুৱাব লগা নহয়।

উল্লেখ্য যে, ২০২৩ ৰ মে’ মাহত আৰম্ভ হৈছিল মেইটেই আৰু কুকিসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ ৰাজ্যখনত এই দুই সম্প্ৰদায়ৰ মাজত বহু পূৰ্বৰে পৰা বিভিন্ন বিষয়ক লৈ সংঘৰ্ষ অব্যাহত আছে। বিশেষকৈ ভূমি আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ ৰাজ্যখনত যোৱা প্ৰায় ডেৰ বছৰৰ সংঘৰ্ষত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে আৰু ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমানেও ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দীপাৱলী সমাগত। এনে সময়তে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে ৰাজধানীখনত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। দিল্লী চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা ২০২৫ বৰ্ষৰ ১জানুৱাৰীলৈকে কাৰ্যকৰী হ’ব। এই…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক