১৫ ছেপ্টেম্বৰত পৰীক্ষা দিবলৈ গ’লে কি কি নিয়ম মানিব লাগিব আপুনি

১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা দিবলৈ গ’লে পৰীক্ষাৰ্থীসকলে মানিব লাগিব বহুকেইটা নিয়ম।

৩য়, ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত মানি চলিব লাগিব কেইবাটাও নিয়ম। নিয়ম নামানিলে কঠোৰ শাস্তি ভুগিবলগীয়া হ’ব পাৰে আপুনি।

পৰীক্ষা দিবলৈ যাওঁতে আধাৰ, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্সকে ধৰি যিকোনো এবিধ ফটো পৰিচয়পত্ৰ লৈ যাব লাগিব। কেৱল এডমিট কাৰ্ড থকা পৰীক্ষাৰ্থীকহে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব।

OMR শ্বীটত শুদ্ধ উত্তৰ দিওঁতে সাৱধান হ’ব লাগিব আপুনি। এইবাৰ পৰীক্ষাত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থাকিব। ভুল উত্তৰ নিৰ্বাচন কৰিলে কৰ্তন কৰা হ’ব আপোনাৰ নম্বৰ। চাৰিটা প্ৰশ্নৰ ভুল উত্তৰ দিলেই কৰ্তন কৰা হ’ব ১ নম্বৰ।

আনহাতে এটা প্ৰশ্নৰ বাবে এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে নিগেটিভ মাৰ্কিং লাভ কৰিব প্ৰাৰ্থীসকলে। তদুপৰি OMR শ্বীটত নিৰ্ধাৰিত স্থানতে প্ৰাৰ্থীসকলে ৰাফ ৱৰ্ক কৰিব পাৰিব। OMR শ্বীটত ৰাফ ৱৰ্ক বা ওপৰা-উপৰিকৈ লিখা বা হোৱাইটনাৰ ব্যৱহাৰ কৰিলে OMR শ্বীট মূল্যায়ন কৰা নহ’ব।

পৰীক্ষাৰ অন্তত প্ৰাৰ্থীসকলে OMR উত্তৰবহী, প্ৰশ্ন বুকলেট পৰীক্ষকৰ হাতত জমা দিব লাগিব। প্ৰাৰ্থীসকলে উত্তৰবহী জমা দিয়াৰ অন্তত ফৰ্ম নং ৮ত স্বাক্ষৰ কৰিব লাগিব। স্বাক্ষৰ নকৰিলে প্ৰাৰ্থীজনক অনুপস্থিত বুলি দেখুওৱা হ’ব।

ইফালে পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে। পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যসাৰ্ধত সাধাৰণ জনতাৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ। পৰীক্ষাৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি পৰীক্ষাকেন্দ্ৰসমূহ চিচি টিভিৰ আওতাত ৰখাৰ উপৰি ভিডিঅ’গ্ৰাফীৰো ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে মোবাইলকে ধৰি কোনো ইলেক্ট্ৰ’নিক ডিভাইচ লগত লৈ যাব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ আশে পাশে জিলা প্ৰশাসনে জাৰি কৰিছে ১৬৩ ধাৰা।

Related Posts

দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…