মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে চৰকাৰে।

উল্লেখ্য যে, ১৬ মাহৰ জাতিগত হিংসাৰ পাছত ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীত ইম্ফলত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ১০ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে পাঁচখন জিলাত মোবাইল ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছিল।

চৰকাৰে দাবী পূৰণ নকৰালৈকে উপত্যকা অঞ্চলৰ বিদ্যালয়সমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথাও ঘোষণা কৰিছিল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে।

প্ৰতিবাদৰ পিছতেই চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰা জিলা কেইখন হৈছে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং।

ৰাজ্যৰ আন ১১খন পাহাৰীয়া জিলাত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাছিল।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…