
কাইলৈ অৰ্থাত দেওবাৰে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
কাইলৈ সমগ্ৰ অসমতে কৰ্তন কৰা হ’ব ইণ্টাৰনেট। কেৱল মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল WiFi সেৱা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বাজি ৩০ মিনিটলৈ বন্ধ থাকিব। অৱশ্যে ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব।
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনা যোগে এই কথা জানিবলৈ দিছে। ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা বিসংগতিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ৰাজ্যৰ ২৮ খন জিলাত মুঠ ২৩০৫ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৪৩৯ টা পৰীক্ষা কেন্দ্ৰক স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰা হৈছে।