জল্পনা- কল্পনাৰ অন্তঃ আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ

আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিসমূহৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ পালে । এইবেলি নিজ নিজ ফ্ৰেন্সাইজিয়ে এৰিলে ৩ গৰাকী ভাৰতীয় খেলুৱৈ ক্ৰমে ঋষভ পণ্ট, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰক।

আনহাতে অধিনায়ক হিচাপে দায়িত্বত নাথাকিলেও মুম্বাই ইণ্ডিয়ানছৰ সৈতেই থকাৰ সিদ্ধান্ত লৈছে ৰোহিত শৰ্মাই। ইয়াৰ উপৰি হাৰ্ডিক পাণ্ডিয়া, বুমৰাহ, সূৰ্যকুমাৰ যাদৱকো এৰি দিয়া নাই মুম্বাই ইণ্ডিয়ানছে। তেঁওলোকৰ দাম হৈছে- যশপ্ৰীত বুমৰাহ ১৮ কোটি, সূৰ্যকুমাৰ যাদৱ ১৬.৩৫ কোটি, হাৰ্দিক পাণ্ডিয়া ১৬. ৩৫ কোটি আৰু ৰোহিত শৰ্মা ১৬.৩০ কোটি।

আগন্তুক ছিজনৰ আই পি এলৰ নিলামত দাম বাঢ়িছে অসম সন্তান ৰিয়ান পৰাগৰ। আন্তৰ্জাতিক পৰ্যায়ত উপনীত হোৱাৰ পাছতে বৃদ্ধি হৈছে ৰিয়ানৰ দাম। ৰিয়ানক এইবাৰ ৰাজস্থান ৰয়লছে পূৰ্বতকৈ বহু পৰিমাণৰ ধনৰে ক্ৰয় কৰিব লগা হৈছে।

ৰিয়ানক ফ্ৰেন্সাইজিটোৱে ১৪ কোটি টকাৰ বিনিময়ত দলত পুনৰ ৰাখিবলৈ বাধ্য হয়। তেঁওৰ লগতে সঞ্জু ছেমছনক ১৮ কোটি আৰু যশস্বী জয়ছোৱালকো ১৮ কোটি টকাত ক্ৰয় কৰিছে ফ্ৰেন্সাইজিটোৱে।

একেদৰে দাম বাঢ়িছে ৰিংকু সিঙৰ। ১৩ কোটি টকাৰ বিনিময়ত কলকাতা নাইট ৰাইডাৰ্ছতে থাকিল ৰিংকু সিং। কলকাতা নাইট ৰাইডাৰ্ছৰ আন কেইগৰাকীৰ দাম এনেধৰণৰ- বৰুণ চক্ৰৱৰ্তী ১২ কোটি, সুনীল নাৰিন ১২ কোটি, আন্দ্ৰে ৰাছেল ১২ কোটি, হৰ্ষিত ৰাণা ৪ কোটি আৰু ৰমনদীপ সিঙক ৪ কোটি টকা।

প্ৰকাশিত তালিকা মতে চেন্নাই চুপাৰ কিংছতে থাকিল মহেন্দ্ৰ সিং ধোনী, শিৱম ডুবেকে ধৰি আন কেইবাগৰাকী খেলুৱৈ। তেঁওলোকক ফ্ৰেন্সাইজিটোৱে ভালেসংখ্যক ধনৰ বিনিময়ত দলত ৰাখিব লগা হৈছে। ৰুতুৰাজ গাইকোৱাড়ৰ মূল্য হৈছে ১৮ কোটি টকা।

একেদৰে শিৱম ডুবে ১২ কোটি, ৰবীন্দ্ৰ জাদেজা ১৮ কোটি আৰু এম এছ ধোনীক ৪ কোটি টকাত চেন্নাই দলে ক্ৰয় কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ পুনৰ খেলিব বিৰাট কোহলিয়ে। তেঁওক ২১ কোটি টকাৰ বিনিময়ত দলটোৱে ক্ৰয় কৰিছে। তেঁওৰ উপৰি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত ৰজত পাটিদাৰ ১১ কোটি, যশ দয়ালক ৫ কোটি টকাত দলটোৱে ক্ৰয় কৰিছে।

আনহাতে দিল্লী কেপিটেলছে অক্ষৰ পেটেলক ১৬.৫ কোটি আৰু কুলদীপ যাদৱক ১৩.২৫ কোটি টকাত ক্ৰয় কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে ৫ জন খেলুৱৈক ৰিটেইন কৰিছে। তেঁওলোক হৈছে- নিকোলাছ পুৰাণ ২১ কোটি, ৰবি বিষ্ণই ১১ কোটি, মায়ংক যাদৱ ১১ কোটি, মহছিন খান ৪ কোটি আৰু আয়ুষ বাদনিক ৪ কোটি টকাত দলত ৰাখিছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব। সেয়া হৈছে এইবাৰৰ আই পি এলত সৰ্বাধিক ধনৰ বিনিময়ত হেনৰি ক্লাছেনক ক্ৰয় কৰিছে ফ্ৰেন্সাইজিটোৱে। ক্লাছেনক ২৩ কোটি টকাৰে ক্ৰয় কৰিছে। ইয়াৰ উপৰি পেট কামিন্স ১৮ কোটি, অভিষেক শৰ্মা ১৪ কোটি আৰু নিতিশ ৰেড্ডীক ৬ কোটি টকাত ক্ৰয় কৰা হৈছে।

অন্যহাতে গুজৰাট টাইটানছে ৰছিদ খানক ১৮ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে। শুভমন গীলক ১৬.৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাটে। প

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…