ন্যায়াধীশক ভয়-ভাবুকি আই এ এছ বিষয়াৰ, আদালতৰ চমন

ডিজিটেল ডেস্কঃ ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী ন্যায়াধীশক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগত আদালতে চমন জাৰি কৰিছে জম্মু – কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ উপায়ুক্ত শ্যাম বীৰ সিঙক। জম্মু – কাশ্মীৰ উচ্চ ন্যায়ালয়ে উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু কৰি ৫ আগষ্টত ব্যক্তিগতভাৱে আদালতত হাজিৰ হৈ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে আদালতৰ কাৰ্য্যবিধিত সহায়ৰ বাবে জ্যেষ্ঠ অধিবক্তা ৰিয়াজ আহমেদ জানক এমিকাছ কুৰিয়া হিচাপেও নিযুক্তি দিয়ে।

উল্লেখ্য যে, ২০২২ চনৰ পৰা গাণ্ডাৰবলৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ২০১৮ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্যাম বীৰ সিঙে গাণ্ডাৰবলৰ উপ- ন্যায়াধীশ ফৈয়াজ আহমেদ কুৰেশ্বীক নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ভয় – ভাবুকি প্ৰদান আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল।

২০২২ চনৰ অক্টোবৰত চৰকাৰী সিদ্ধান্ত মানি নচলাৰ বাবে ন্যায়াধীশ কুৰেশ্বীয়ে আই এ এছ সিঙৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। উপ ন্যায়াধীশগৰাকীৰ মতে, উপায়ুক্তগৰাকীয়ে ইয়াৰ পিছতে তেওঁৰ পদৰ অপব্যৱহাৰ কৰি তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।

এই সন্দৰ্ভত শ্যাম বীৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত আজি উচ্চ ন্যায়ালয়ে চমন জাৰি কৰি আদালতৰ চমন অৱজ্ঞা কৰিলে কঠোৰ আইনী পদক্ষেপ লোৱা হব বুলিও সকিয়াই দিয়ে।

  • Brahmaputra Times

    Related Posts

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইনৰ ধাৰা ১৯৫৫ৰ ৬ক বৈধ ঘোষণা কৰি ৰায় দিয়াত আদৰ জনাইছে চিপিআইএমে৷ চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে আদৰণি জনাইছে। এক বিবৃতিত বামপন্থী সংগঠনটোৱে কয়…

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা