
ডিজিটেল ডেস্কঃ আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি জম্মু কাশ্মীৰৰ ৯০ খন আসনৰ ভিতৰত ৪২ খনেই লাভ কৰিলে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে। কংগ্ৰেছে ৬ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।
তাৰোপৰি জম্মু-কাশ্মীৰ পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ৩ খন, জম্মু কাশ্মীৰ পিপল কনফাৰেন্স, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, আম আদমি পাৰ্টিয়ে ১ এখনকৈ আৰু নিৰ্দলীয়ই ৭ খন আসন লাভ কৰিছে।
ইয়াৰ লগতে ঘোষণা হ’ল জম্মু কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। ওমৰ আব্দুল্লাই হ’ব ভূস্বৰ্গৰ মুখ্যমন্ত্ৰী। আজিৰ পৰা কেইটামান মাহৰ আগলৈকে অথচ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈকে সাজু হোৱা নাছিল। কৈছিল পূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী হ’ব নিবিচাৰে।
কিন্তু তাৰ পাছতো আজি ওমৰ আব্দুল্লাই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ নামেই ঘোষণা কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা।