কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন কৰাটো স্বাভাৱিকঃ জয়ন্ত মল্ল..

অব্যাহত আছে গো মাংস প্ৰসংগ। কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন সমৰ্থন কৰাটো স্বাভাৱিক। কিন্তু গো নিধন কৰা বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে”-গো-মাংসৰ প্ৰসংগত ভূপেন বৰাক কটাক্ষ কৰি আজি দিছপুৰস্থিত বাসভৱনৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, অসমত এটা কথা স্পষ্ট যে আজিৰ তাৰিখত অসমত যিসকলে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমখনৰ সমন্বয় আৰু অসমৰ উন্নয়নক বিশ্বাস কৰে সেইসকল মানুহ হিমন্ত বিশ্ব শৰ্মা তথা ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰা মানুহখিনিক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি কোৱাৰ লগতে এই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ ওচৰলৈকে অখিল গগৈ, ভূপেন বৰা, গৌৰৱ গগৈও যাব, চিপিআইএমও যাব- যিমান দল আছে সকলোৱে যাব বুলি বিৰোধীক তীব্ৰ কটাক্ষ কৰে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পুনৰ কয় যে, মুছলমান মানুহে আমাক ভোট দিব। যিয়ে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমৰ উন্নয়ন বিচাৰে সেইসকল মুছলমান মানুহে আমাক ভোট দিব। ইয়াৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ, চামগুৰি। যিসকলে ভাৰতক ভাল পায়, অসমৰ উন্নয়ন বিচাৰে তেওঁলোকে আমাক ভোট দিবই। যিসকল মুছলমানে আজিও পাকিস্তানৰ গুণগান গায়, তেওঁলোকে আমাক ভাল পাব নোৱাৰে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ভূপেন বৰা তথা কংগ্ৰেছ দলক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ দল বা ভূপেন বৰা গো-মাংসৰ সপক্ষে থকাটো এশ শতাংশই স্বাভাৱিক। কিন্তু প্ৰতিজন ভাৰতীয় মানুহে বিচাৰে যে ভাৰতবৰ্ষত ভাৰতীয় সংস্কৃতি থাকক। ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিত গোক মাতা হিচাপে পূজা কৰা হয়। গতিকে ভাৰতীয় সংস্কৃতিত এতিয়াও গো নিধন কৰা, গো-মাংস ভক্ষণ কৰা ইত্যাদি কথাবিলাক সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে।

তেওঁ কয় যে ভূপেন বৰা কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো, কিন্তু ভাৰতীয় সনাতনী সংস্কৃতিত থকা মানুহে গোক মাতা হিচাপে পূজা কৰে আৰু গো-মাংস ভক্ষণ কৰাটোক অপৰাধ বুলি গণ্য কৰে।ভাৰতত থকা মানুহে আমাৰ সনাতনী সংস্কৃতিত বিশ্বাস কৰিব লাগে।

বিভিন্নজনৰ যি আচাৰ, নীতি-নিয়ম আছে, সেইটো এটা বেলেগ কথা কিন্তু ভাৰতৰ যিটো সংস্কৃতি সেয়া সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিয়ে কেতিয়াও গো নিধন বা গো-মাংস ভক্ষণ ইত্যাদি মানি ল’ব নোৱাৰে আৰু মানি নলয়ো বুলিও মন্তব্য় কৰে জয়ন্ত মল্লই। ইফালে অখিল গগৈয়ে থিয়ৈ-থিয়ৈ দিনতে সপোন দেখে, তেওঁক বুজাব নোৱাৰি বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে