বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এয়া অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি।

সামজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে সেই বিষয়ে উল্লেখ কৰি কয় যে এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য’ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশীসকল অন্যতম। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু ন’ৰৱেৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয় বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছে।

আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেণ্টৰ হাতত দিয়া কথা খুবেই উদ্বেগজনক। এইটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি বুলি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে।উল্লেখ্য যে যিসকল ব্যক্তি ভাৰতীয় সংবিধানৰ শপত লৈ সাংসদ হৈছে বা বিভিন্ন চৰকাৰী পদবীত আছে তেওঁলোকে ভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰিবৰ বাবে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছে। এয়া অত্যন্ত এক চিন্তনীয় বিষয়।

প্ৰাপ্ত তথ্য মতে, সাংসদ গৌৰৱ গগৈৰ ফেন ক্লাবৰ বেছিভাগ সদস্যই বাংলাদেশৰ মিঞা৷ মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা স্ক্ৰীন শ্ব’টত এই কথা নিশ্চিত হৈছে৷ সেই অনুসৰি গৌৰৱ গগৈৰ ফেন ক্লাবটো আটাইতকৈ বেছি বাংলাদেশৰ পৰা নিয়ন্ত্ৰণ হয় বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে। আনহাতে, মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক পেজৰ স্ক্ৰীন শ্ব’ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁৰ পেজটো যে ন’ৰৱেৰ পৰা পৰিচালিত হয় তাৰ প্ৰমাণো দাঙি ধৰিছে ৷ সমগ্ৰ বিষয়টোত দেশৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে