আমাৰ সংঘাত ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে,সেইসকলৰ লগতহেঃ জয়ন্ত মল্লবৰুৱা

 “আমাক কোনো সংখ্যলঘুৱে বেয়া নাপায় । যিসকল মানুহে অসম বা ভাৰতলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল’ব পৰা নাই, সেইসকলৰ লগতহে আমাৰ শত্ৰুতা থাকে । তাৰ বাহিৰে ধৰ্মক লৈ আমাৰ কোনো কথা নাই ।” এইবাৰ উপ নিৰ্বাচনত সংখ্যালঘুৰ ব্যাপক সমৰ্থন লাভৰ কথা কৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়,”কোনোবা মানুহ যদি অসমলৈ আহে, তেওঁ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব । অসমলৈ আহি অসমীয়া ভাষা-সাহিত্য, অসমীয়া সংস্কৃতিক সন্মান নকৰা মানুহৰ আমি বিৰোধ কৰিমেই । ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে স্ফূৰ্তি কৰে, সেই মানুহৰ লগতো আমি থাকিব নোৱাৰো । গতিকে আমাৰ সংঘাত ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে, সেইসকলৰ লগতহে ।”

মন্ত্ৰীগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয়,”ৰকিবুল হুছেইনে ইমান দিনে এইবিলাক মানুহৰ দ্বাৰা কামসমূহ চলাই আছিল । আচলতে ৰকিবুল হুছেইনে যে দম, দাদাগিৰি কৰিয়ে জিকি আহিছিল, এইবাৰ সেয়া প্ৰমাণ হ’ব ।”

উল্লেখ্য যে অহা ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল ওলাব । এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ কয়, “ইতিমধ্যে নিৰ্বাচনৰ পাছত আমি পৰ্যালোচনা কৰিছো কাৰণ নিৰ্বাচনৰ আগত প’লিঙৰ কাৰণে হিচাপ পৰিৱৰ্তন হোৱা দেখা যায় । কিন্তু প’লিঙৰ পিছত কোনটো বুথত কিমান প’ল হৈছে, কেনেকৈ প’ল হৈছে বা কোনটো জনগোষ্ঠীৰ কিমান ভোটদান হৈছে এই সকলো চোৱাৰ পিছত আমি ১০০ শতাংশই নিশ্চিত যে আমি পাঁচটা সমষ্টিৰ পাঁচটাতে জিকিম ।”

চামগুৰি সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,”আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামগুৰিত আমি খুব সুন্দৰভাৱে জিকিম, যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই । মন্ত্ৰীগৰাকীয়ে বাকী চাৰিটা সমষ্টি তেওঁলোকৰ আগৰে ছীট বুলি উল্লেখ কৰি এইকেইটাত বেলেগে কেনেকৈ জিকিব বুলি প্ৰশ্ন কৰে । তেওঁৰ মতে এয়া সম্ভৱেই নহয় ৷

আনহাতে, ধলাই সমষ্টিতো একেবাৰে ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় । আৰু ৰাইজে ভালদৰে যদি মৰম দিছে তেন্তে, তাত এই সংখ্যা ৩০ হাজাৰলৈকেও যাব পাৰে বুলি তেওঁ দাবী কৰে ।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই থকা হৈছে । আনহাতে, বিৰোধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়,”বিৰোধী ঐক্যমঞ্চ বুলি একো নাই । কংগ্ৰেছ এনেকুৱা এটা দল, যিয়ে আমাৰ বৰ অসমখনকে ৭ ভনী বনালে । কেইটামান দল লগ হৈ যি অসম বনাইছিল, সেইটো যে ভাগি যাব সেয়া আমি গঠন হোৱাৰ দিনাখনেই জানিছিলো । কংগ্ৰেছে অসমখনক কেতিয়াও জোৰা দিব নোৱাৰে ।” বিৰোধীয়ে অসমখনক ভাঙিবহে পাৰিব বুলি উল্লেখ কৰি এনেকুৱা দলক ৰাইজে আদৰি নলয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

আনহাতে, গৌৰৱ গগৈক কটাক্ষ কৰি তেওঁক কাগজৰ বাঘ আখ্যা দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁ কয়,”গৌৰৱ গগৈ কাগজৰ বাঘ । এই কথা ৰাজনীতিত অহাৰ সময়তে প্ৰমাণ হৈছে । সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ ।” তেওঁ পুনৰ কয় যে গৌৰৱ গগৈয়ে যিদিনাখন ৰাজনীতিলৈ আহিছে, সেইদিনাখনৰ পৰাই এয়া প্ৰমাণ হৈছে । তেওঁ লগতে কয়, “অসমৰ এচাম মানুহ আছে, যিয়ে আমাক বেয়া পায়, সেই চাম মানুহে গৌৰৱ গগৈক প্ৰজেক্ট কৰে, কথা সিমানেই ।” গৌৰৱ গগৈ ৰাজনৈতিক কৰিস্মা থকা নেতা নহয় বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…