এক শোকাৱহ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ ঝান্সী ৷ ঝান্সীৰ এখন চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মহাবিদ্যালয়খনৰ শিশু ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১০টা নৱজাতক শিশুৰ মৃত্যু হয় ৷ বৰ্তমান ১৬ টা শিশুৱে জীৱন-মৰণৰ সৈতে যুঁজ দি আছে বুলি জানিব পৰা গৈছে ৷
উক্ত ঘটনাৰ সময়ত শিশু ৱাৰ্ডত থকা বহু শিশুক ৱাৰ্ডৰ খিৰিকী ভাঙি উলিয়াই অনা হয় । বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা হৈছে । জিলা দণ্ডাধীশকে আদি কৰি প্ৰশাসনৰ বহু শীৰ্ষ বিষয়া ইতিমধ্যে উক্ত স্থানত উপস্থিত হৈ সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷
ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । এই জুই ইমানই ভয়াৱহ আছিল যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বহু থানাৰ আৰক্ষী বাহিনীকো সেই স্থানলৈ মাতিবলগীয়া হৈছিল।
এই ঘটনাৰ ফলত বহু মাতৃৰ কোলা উদং হৈ পৰে ৷ ভালদৰে সদ্যজাত সন্তানটিক একোলা ল’বলৈয়ে নাপালে বহু মাতৃয়ে ৷ নিজৰ নৱজাতকৰ অকাল মৃত্যুয়ে ব্যথিত কৰি তুলিছে প্ৰতিগৰাকী মাতৃক ৷
বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য মতে, শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাৰ সময়ত প্ৰায় ৫৪ টা নৱজাত শিশুক NICU ৱাৰ্ডত ভৰ্তি হৈ আছিল । ডি এম অবিনাশ কুমাৰেও শিশু মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে ।
প্ৰায় ৪০ টা নৱজাতকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ইয়াৰে বহু শিশু আহত হৈছে । মৃত্যু মুখত পৰা শিশুৰ পৰা আদি কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা শিশুকেইটাৰ বয়স এদিনৰ পৰা এমাহ হৈছে বুলি তেওঁ কয় ৷
আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ খবৰ লৈ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু প্ৰধান সম্পাদকক ঝান্সীলৈ প্ৰেৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ঝাঁসীৰ উপায়ুক্ত আৰু DIG ক দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে । নিৰ্দেশ মতে, এই বিষয়াসকলে ১২ ঘণ্টাৰ ভিতৰতে ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।
উল্লেখ্য যে, এই দুৰ্ঘটনাটো শুকুৰবাৰে প্ৰায় ১০/১০:৩০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । শিশু ৱাৰ্ডত ধোঁৱা ওলোৱা দেখি হাস্পতালত থকা মানুহৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ বাজিছিল ফায়াৰ এলাৰ্মো ৷ কিন্তু কোনোবাই বহু সময়লৈকে ধৰিব পৰা নাছিল যে এই জুই ক’ত লাগিছে ৷ পৰৱৰ্তী সময়ত এই বিষয়ে জানিব পাৰে যদিও ইতিমধ্যে বহু শিশুৰ মৃত্যু হয় । ফলত চিকিৎসালয়খনৰ চৌহদত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশমৰ্মে চিকিৎসা মহাবিদ্যালয়খনত উপ মুখ্যমন্ত্ৰী বৃজেশ পাঠক উপস্থিত হয় । তেওঁ জৰুৰীকালীন ৱাৰ্ড আৰু শিশু ৱাৰ্ডত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধ-পোছ কৰে । লগতে তেওঁ সাহায্যৰ পৰিমাণো ঘোষণা কৰে ।
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত শিশুসকলৰ পৰিয়ালক ৫ লাখকৈ টকা দিয়াৰ বিপৰীতে আহত শিশুসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব বুলি কৈছে । আনহাতে, এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিএছপি মুৰব্বী মায়াৱতী আৰু এছপি প্ৰধান অখিলেশ যাদৱেও ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উপ মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা মহাবিদ্যালয়খনত ১৭টা নৱজাত শিশু চিকিৎসাধীন হৈ আছে । ৭ টা আহত শিশুক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে পিতৃ-মাতৃৰ সৈতে ঘৰলৈ গৈছে ৮ টা শিশু । বৰ্তমানেও ৬ টা শিশুৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ বাবে চেষ্টা চলাই থকা হৈছে ।
তেওঁ আৰু কয়, ‘‘বৰ্তমান আমাৰ মূল উদ্দেশ্যে হৈছে আহত শিশুসকলক উন্নত চিকিৎসা প্ৰদান কৰা । এই সন্দৰ্ভত চিকিৎসালয়, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে । তদন্তৰ অন্তত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ পিছত ৱাৰ্ড বয়জনে প্ৰথমে অগ্নিনিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰিছিল যদিও অক্সিজেনৰ অভাৱত অগ্নিকাণ্ড সংঘটিত হয় । কেবাটাও শিশুৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই ৷ প্ৰয়োজন হ’লে মৃত শিশুকেইটাৰ DNA টেষ্ট কৰি পৰিয়ালক গতাই দিয়া হয় ।