28 নৱেম্বৰত ছোৰেণ চৰকাৰৰ শপতগ্ৰহণ…

ঝাৰখণ্ড নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাচতেই দেওবাৰে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বাসগৃহত ইণ্ডি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিধায়কসকলে হেমন্ত ছোৰেণক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰে ৷ তাৰ পাচতেই সহযোগী নেতাসকলৰ সৈতে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰে হেমন্ত ছোৰেণে ৷

ৰাজভৱনত উপস্থিত হৈয়েই প্ৰথমে ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰৰ হাতত মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দাখিল কৰে হেমন্ত ছোৰেণে ৷ ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত দায়িত্ব পালনৰ বাবে নিৰ্দেশ দিয়ে ৷ তাৰ পাচতেই ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে ৰাজ্যপালক হেমন্ত ছোৰেণৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰি আবেদন পত্ৰ দাখিল কৰে ৷

ৰাজ্যপালে হেমন্ত ছোৰেণক ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ৰাজ্যপালক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ আগত হেমন্ত ছোৰেণে কয় যে তেওঁ চৰকাৰ গঠনৰ অনুমতি বিচাৰে ৷ ৰাজ্যপালে তেওঁক চৰকাৰ গঠনৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

তেওঁ অহা ২৮ নৱেম্বৰত শপতগ্ৰহণ কৰিব ৷ ছোৰেণে লগতে কয় যে ৰাজ্যপালক অনুমতিৰ বাবে আবেদন দাখিলৰ সময়ত সহযোগী সকলো দলৰ নেতা উপস্থিত আছিল ৷ অৱশ্যে মন্ত্ৰীসভাত কোন কোন থাকিব সেই বিষয়ে সোধাত তেওঁ কৌশলী উত্তৰ প্ৰদানেৰে সোনকালেই জনোৱা হ’ব বুলিহে কয় ৷

ইফালে ঝাৰখণ্ডত গঠন হ’বলগীয়া নতুন চৰকাৰত কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ ব্যাপক জল্পনা-কল্পনা চলি থকা দেখা গৈছে ৷ ইণ্ডি মিত্ৰজোঁটৰ অংশীদাৰ ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (এম এল) ৰ পৰা কোন কোন বিধায়ক মন্ত্ৰী হ’ব সেই বিষয়ে কোনে নেতায়েই কোনো ধৰণৰ বক্তব্য ৰাখিব খোজা নাই ৷

ঝাৰখণ্ড চৰকাৰত সৰ্বাধিক ১২ গৰাকী মন্ত্ৰীহে থাকিব পাৰিব ৷ সূত্ৰ অনুসৰি মন্ত্ৰীসভাৰ ৰূপৰেখা ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে ৷ সেই অনুসৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা মুখ্যমন্ত্ৰীৰ উপৰিও আন গৰাকী মন্ত্ৰী, কংগ্ৰেছৰ পৰা ৪ গৰাকী, আৰজেডি আৰু চিপিআইএমএলৰ পৰা এগৰাকীকৈ বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব ৷

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে