অৰুণাচলত উপস্থিত জন আব্ৰাহাম…

অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে আজি জন আব্ৰাহামৰ মালিকানাধীন জে এ ফুটবল প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । জে এ ফুটবল এছ’চিয়েশ্যনে নৰ্থ ইষ্ট ইউনাইটেড এফ চি (এন ই ইউ এফ চি) পৰিচালনা কৰে । অৰুণাচল প্ৰদেশত ফুটবলৰ উন্নয়নৰ বাবে কাম কৰিব জে এ ফুটবল প্ৰাইভেট লিমিটেডে ।

সোমবাৰে অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে এ পি এফ এৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু জন আব্ৰাহামে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । আব্ৰাহামৰ লগত উপস্থিত থাকে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবে । বুজাবুজি চুক্তি অনুসৰি এন ই ইউ এফ চিয়ে স্কাউটিং আৰু খেলুৱৈসকলক চিনাক্তকৰণৰ দৰে সেৱা আগবঢ়াব ।

তৃণমূল পৰ্যায়ত ফুটবলৰ বাবে বিদ্যালয়বোৰত প্ৰশিক্ষক,পাঠ্যক্ৰম,পুষ্টি আৰু ফিটনেছ বিশেষজ্ঞ,সাপ্তাহিক ক্লিনিকৰ বাবে প্ৰশিক্ষক,ফাউণ্ডেশ্যন,মধ্যম আৰু উন্নত পৰ্যায়ৰ পাঠ্যক্ৰম,যুৱ একাডেমী অৰুণাচল প্ৰদেশ যুৱ প্ৰিমিয়াৰ লীগৰ কাৰিকৰী বিশেষজ্ঞ আৰু প্ৰশিক্ষকে শিক্ষা প্ৰদান কৰিব ।

অৰুণাচল প্ৰদেশৰ এ পি এফ এই এই সেৱাসমূহৰ সফল ৰূপায়ণৰ বাবে আন্তঃগাঁথনি,কাৰিকৰী, চিকিৎসা আৰু গঠনমূলক সহায়ৰ দৰে সেৱা আৰু সহায় আগবঢ়াব । এই বুজাবুজি চুক্তি স্বাক্ষৰৰ তাৰিখৰ পৰা অহা পাঁচ বছৰৰ বাবে সীমাবদ্ধ থাকিব ।

খাণ্ডুৱে জন আব্ৰাহামক কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ ক্লাবে ৰাজ্যখনৰ ফুটবল অনুৰাগীসকলক অধিক উন্নয়নৰ বাবে খেল প্ৰদৰ্শন কৰিবলৈ সম্প্ৰসাৰিত কৰি যুৱ প্ৰতিভাক আগবঢ়াই নিছে। অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলৰ ফুটবলত অপৰিসীম প্ৰতিভা আছে বুলি উল্লেখ কৰি তেওঁ আশ্বাস দিয়ে যে এন ই ইউ এফ চিয়ে এই সিদ্ধান্তৰ বাবে কোনো ধৰণৰ আক্ষেপ কৰিব নালাগে।

তেওঁ কয়,” আমাৰ যুৱক-যুৱতীসকলৰ অপৰিসীম প্ৰতিভা আছে । যদি আমি তেওঁলোকক সৰুৰে পৰা অৰ্থাৎ প্ৰথম বয়সৰ পৰাই প্ৰশিক্ষণ দিওঁ তেন্তে আমি আমাৰ ৰাজ্যৰ পৰা বিশ্বমানৰ খেলুৱৈ তৈয়াৰ কৰিবলৈ আত্মবিশ্বাসী ।’ আনহাতে, আব্ৰাহামে আশ্বাস দিয়ে যে তেওঁৰ ক্লাবে যুৱ প্ৰতিভাক স্কাউটিং,প্ৰতি পালন আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সৰ্বোত্তমখিনি দিব ।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…