আন এক কুকীৰ্তি ফাদিল, চুমি বৰা মুখ্য চৰিত্ৰত অভিনয় কৰা চিনেমাত ধন বিনিয়োগ বিশাল ফুকনৰ

ছবিখনৰ নাম ‘দ্য ব্লেক আমব্ৰেলা’। এখন বিগ বাজেটৰ নিৰ্মীয়মান অসমীয়া ছবি। ‘ৰঙাটাপু’ নামৰ অসমীয়া ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ ঘটা আদিত্যম শইকীয়াৰ এইখন হৈছে দ্বিতীয়খন ছবি। এই ছবিখনতে মোটা পৰিমাণৰ ধন ইতিমধ্যে বিনিয়োগ কৰিছিল শেহতীয়াকৈ অন লাইন ট্ৰেডিঙৰ জৰিয়তে ৰাইজক প্ৰতাৰণা কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনে । এদিন এখন বিগ বাজেটৰ ছবি নিৰ্মাণৰ প্ৰস্তাৱ লৈ বিশাল আহিছিল আদিত্যমৰ ওচৰলৈ। এগৰাকী ফটোগ্ৰাফাৰৰ জৰিয়তে আদিত্যম আৰু বিশাল ফুকনৰ সংযোগ হৈছিল। আদিত্যমে ছবিখনৰ কাহিনীটো বিশালক কোৱাৰ পিছত বিশালে ছবিখন নিৰ্মাণৰ বাবে সন্মত হৈছিল। ছবিৰ নাম দিয়া হ’ল ‘দ্য ব্লেক আমব্ৰেলা’। আদিত্যম নিজেই এগৰাকী সুদক্ষ ফেশ্বন ডিজাইনাৰ। ফেশ্বন জগতখনৰ পৰাই তেওঁ আহিছে চলচ্চিত্ৰ জগতখনলৈ। বিশাল ফুকনো আছিল ফেশ্বন প্ৰিয় এজন যুৱক। আন অৰ্থত সাংঘাতিক চৌখিন আছিল বিশাল। গতিকে আদিত্যম আৰু বিশালৰ কথাবাৰ্তাৰ পিছত ‘দ্য ব্লেক আমব্ৰেলা’ক এখন বিগ বাজেটৰ ছবিৰ ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হ’ল। আনকি ‘হিৰামণ্ডী’ খ্যাত ব্ৰিটিছ অভিনেতা জেচন শ্বাহৰ দৰে বিদেশী শিল্পীৰো সংযোগ ঘটোৱা হ’ল ছবিখনত। প্ৰায় ১.৫ কোটি টকাৰ বাজেটত ছবিখন নিৰ্মাণ কৰাৰ এক সিদ্ধান্ত লোৱা হ’ল। বিদেশত এই ছবিখনৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছিল পৰিচালক আদিত্যমে। এই বছৰৰ মাৰ্চ মাহৰ পৰা চিত্ৰগ্ৰহণো আৰম্ভ কৰা হ’ল ছবিখনৰ। একেৰাহে ১৬ দিনৰ চিত্ৰগ্ৰহণ হৈছিল ছবিখনৰ।

কিন্তু তাৰ পিছতে থমকি ৰ’ল ছবিখনৰ কাম। ইতিমধ্যে ছবিখনৰ নিৰ্মাণ হোৱাৰ পূৰ্বে পৰিচালকে প্ৰযোজক বিশাল ফুকনক স্পষ্টকৈ কৈ দিলে যে ছবিখনৰ নামত হ’বলগীয়া খৰছ তথা ধনৰ লেনদেন তেওঁ নিজে নকৰে। যিয়ে যেনেকৈ পাৰিশ্ৰমিক পাব সেয়া প্ৰযোজকে নিজেই প্ৰদান কৰিব লাগিব বুলি লিখিতভাবে পাৰিশ্ৰমিকৰো এখন তালিকা আদিত্যমে বিশাল ফুকনৰ হাতত অৰ্পন কৰিছিল। এয়া আদিত্যমে আজি আমাৰ আগত দিয়া ভাষ্য। এইটো ঠিক যে অসমীয়া ছবিৰ ক্ষেত্ৰখন এতিয়াও আনুষ্ঠানিকভাবে উদ্যোগৰ স্বীকৃতি পোৱা নাই। প্ৰযোজকৰ আশাত সৃষ্টিশীল বহু পৰিচালকে দিন পাৰ কৰিবলগীয়াত পৰে। সেয়ে হঠাতে কোনো সংযোগবশতঃ যেতিয়াই এজন প্ৰযোজক হাতত পায় তেতিয়াই পৰিচালকে আকোঁৱালি লয়। কিন্তু এতিয়া পৰিচালকসকল কিছু সাৱধান হ’ব লাগিব। প্ৰযোজকৰ ধনৰ source সম্পৰ্কে অৱগত নোহোৱাকৈ এতিয়া ছবিৰ কামত হাত দিয়া মানেই পৰিচালকো বিপদত পৰাৰ সম্ভাবনা থাকে। আদিত্যম শইকীয়াই হয়তো সেই সাৱধানতা অৱলম্বন নকৰাকৈয়ে সাধাৰণতে ছবিজগতখনত চলি অহা অৱস্থা এটাৰ মাজেৰেই আৰম্ভ কৰি দিছিল ৰাইজৰ পৰা লুণ্ঠন কৰা বিশাল ফুকনৰ টকাৰে ‘দ্য ব্লেক আমব্ৰেলা’ৰ কাম। ছবিজগতৰ বহু লোকৰ।সৈতে সু-সম্পৰ্ক আছে বিশালৰ। সেয়াই আছিল বিশালৰ ওপৰত বিশ্বাস আদিত্যমৰ। শেহতীয়াকৈ আৰক্ষীয়ে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ ভাষ্যৰ ভিত্তিত অসমীয়া ছবিৰ অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাকো এতিয়া আৰক্ষীয়ে বিচাৰি ফুৰিছে। আমাৰ হাতত এই মুহূৰ্তলৈ থকা খবৰ মতে, চুমিৰ মোবাইল ছুইচ অফ হৈ আছে।

এতিয়া চুমিৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ প্ৰফাইলকেইটাও আগৰ অৱস্থাত নাই। এইগৰাকী চুমি বৰায়েই কিছুদিন পূৰ্বে ৰাজস্থানত নিজৰ বিবাহৰ বিলাসী অনুষ্ঠান আয়োজন কৰি চৰ্চিত হৈছিল। খবৰ ওলাইছে যে অসমীয়া জীয়ৰী হৈ নিজৰেই অসমীয়া বিয়া এখনত চুমিয়ে যিযোৰ অনা অসমীয়া বস্ত্ৰ পৰিধান কৰিছিল সেই পোচাকযোৰৰ মূল্য হেনো ১৮ লাখ টকা আছিল। কাৰণ সেই পোচাকযোৰৰ ডিজাইনাৰ আছিল বলীউডৰ বিখ্যাত ফেশ্বন তথা কষ্টিউম ডিজাইনাৰ মনীষ মালহোট্ৰা। অসমীয়া বিয়াৰ অনুষ্ঠানত বিদেশী পৰম্পৰা প্ৰদৰ্শন কৰিও চৰ্চিত হৈছিল চুমি বৰা। সেই চুমি বৰাক এতিয়া বিচাৰি ফুৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে আদিত্যম শইকীয়াৰ ‘ব্লেক আমব্ৰেলা’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আছিল চুমিয়ে। ইতিমধ্যে সেই চৰিত্ৰটোৰো কিছু অংশৰ চিত্ৰগ্ৰহণ হৈ গৈছিল। কিন্তু হঠাতে থমকি ৰ’ল ‘দ্য ব্লেক আমব্ৰেলা’ৰ কাম। মাৰ্চৰ পিছত ছবিখনৰ কাম পৰি ৰোৱাত পৰিচালক আদিত্যমে ফোন কৰিলে প্ৰযোজক বিশাললৈ। কিন্তু বিশালে মাথো দুদিনমান অপেক্ষা কৰিবলৈ কৈ আন একো নক’লে। ইয়াৰ পিছত এপ্ৰিল, মে’, জুন, জুলাই পাৰ হ’ল। বিশালৰ কোনো উত্তৰ নাহিল। আগষ্ট মাহত বাতৰি কাকতত হঠাতে বিশালৰ দুৰ্নীতিৰ এটা বাতৰি ওলাল। এই বাতৰি চকুত পৰিল আদিত্যমৰ।

ইয়াৰ পিছত ভীতিগ্ৰস্ত হৈ আদিত্যমে বিশাললৈ ফোন কৰি সুধিলে ‘বাতৰিত প্ৰকাশ পোৱা কথাবোৰ সঁচা নেকি? বিশালে আদিত্যমক ক’লে ‘চিন্তা নকৰিবা। এইবোৰ ব্যৱসায়ৰ কথা। সমস্যা থাকেই। সোণকালেই সকলো ঠিক হৈ যাব।’ এয়া আজি আদিত্যমে আমাৰ আগত কোৱা কথা। ১২ দিনমান পূৰ্বে বিশাল ফুকনৰ ম’বাইলৰ পৰা আদিত্যম শইকীয়াৰ ম’বাইললৈ হোৱাটচআপত এটা মেচেজ আহিল। মেচেজটোত বিশালে লিখিলে ‘‘দাদা, মই আৰু ছবিখন COMPLETE কৰিব নোৱাৰিম।’’ বিশাল ফুকনৰ এই হোৱাটচআপ মেচেজটোৰ পিছত আদিত্যমৰ জানিবলৈ বাকী নাথাকিল। ছবিখনৰ সৈতে জড়িত সকলোকে এই ছবিখনৰ কথা পাহৰি নিজৰ নিজৰ কামত ব্যস্ত হ’বলৈ ক’লে পৰিচালক আদিত্যমে। ইতিমধ্যে ছবিখনৰ সৈতে জড়িত শিল্পী, কলা-কুশলীয়ে তেওঁলোকৰ কামৰ বাবে পাবলগীয়া পাৰিশ্ৰমিক বিশাল ফুকনৰ পৰা পাইছে। পৰিচালক আদিত্যমেও বিশালৰ একাউণ্টৰ পৰা তেওঁৰ পাৰিশ্ৰমিকৰ কিছু ধন লাভ কৰিছে।

এতিয়া প্ৰশ্ন হৈছে বিশাল ফুকনে ৰাইজৰ পৰা লুণ্ঠন কৰা ধনৰ অংশীদাৰ হৈছে ছবিখনৰ সৈতে জড়িতসকল। কিন্তু ইয়াত ছবিখনৰ সৈতে জড়িত লোকসকলৰ জানো দোষ আছে? সেই বিচাৰ নিশ্চয় আইনে কৰিব। কিন্তু শেহতীয়াকৈ সংঘটিত এনেধৰণৰ কাণ্ডলৈ চাই ভৱিষ্যতে পৰিচালকসকলে হঠাতে পোৱা ‘প্ৰযোজক’ক থাপ মাৰি নধৰি ভৱিষ্যতৰ নিৰাপদৰ কথাও চিন্তা কৰি কিছু অনুসন্ধানসহ আৰু ধনৰ সুত্ৰ সম্পৰ্কেও নিশ্চিত হৈহে যেন কামত হাত দিয়ে সেইটোত ধ্যান ৰাখিব লাগিব। ৰাইজৰ পৰা লুণ্ঠিত ধনেৰে বিশাল ফুকনে উদযাপন কৰিছিল বিলাসী জীৱন। এই বিলাসী জীৱন যাপনত আছিল অলেখ আমোদ প্ৰমোদৰ সমল। ইফালে অভিযোগ উঠিছে যে অসমীয়া ছবিজগতখনৰ বহু লোকৰ সৈতে বিশালক সংযোগ ঘটাই দিছিল চুমি বৰাই। এই শিল্পীসকলক অধিক লাভৰ লোভ দেখুৱাই চুমিয়ে তেওঁলোকক বিশালৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈও কৈছিল আৰু বহুতে হয়তো চুমিৰ কথা বিশ্বাস কৰিয়েই বিশালৰ সেই ধাণ্ডাত ধন বিনিয়োগ কৰি পেলাইছিল। পিছে এতিয়া এই শিল্পীসকলেও মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। লক্ষ্যণীয় কথা যে এই ছবিখনৰ সৈতে জড়িত প্ৰায় লোকৰে এই মুহূৰ্তত ম’বাইল ছুইচ অফ অৱস্থাত আছে। ক’লা ছাতীৰ তলত থাকি বিশাল ৰঙীন সপোন ৰচিছিল বিশালে৷ কিন্তু এতিয়া আৰক্ষীৰ হাতত বন্দী বিশাল। হয়তো বিশালৰ অকথিত আন বহু ৰহস্যময় কাহিনীও ফাদিল হ’ব অচিৰেই।

বিঃদ্ৰঃ- এইখিনি তথ্য শিৱাণু বৰা নামৰ সাংবাদিক জনে ফেচবুক পোষ্ট এটাত উল্লেখ কৰিছে৷

  • Related Posts

    ৯৫ দিনৰ অপেক্ষাৰ অন্তত সাক্ষাৎ হ’ল কিং খানৰ…

    এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি অপেক্ষা কৰিব পাৰে ? সেয়া কল্পনা কৰিব পৰা সকলে অনুভৱ কৰিব পাৰিব ! তাতে যদি ব্যক্তিগৰাকী জনপ্ৰিয়তাৰ শীৰ্ষত…

    কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

    ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন? ৰাষ্ট্ৰীয় সংবাদমাধ্যমত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…