কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে । এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ।

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্রীয়ে কয়,”ৰাজ্যৰ গাঁও, নগৰ, চহৰ, জিলাসমূহৰ নাম সেই স্থানৰ ঐতিহ্যৰ চানেকী হিচাপে নামাকৰণ কৰাৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নাম ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে । ইতিমধ্যে বিভিন্ন গাঁও, ঠাইৰ নাম সলনি কৰা হৈছে । গাঁও তথা জিলাসমূহৰ নাম ঐতিহাসিক গুৰুত্বৰ লগতে অভিধানিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । কৰিমগঞ্জ জিলাৰ নাম ‘শ্ৰীভূমি জিলা’ কৰা হৈছে । ১৯১৯ চনত চিলেট ভ্ৰমণৰ সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে চিলেটক সুন্দৰী শ্ৰীভূমি কৈছিল ।”

পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,”আজিৰ কেবিনেটত পঞ্চায়ত নিৰ্বাচনক লৈ বিশদ আলোচনা কৰা হয় । ডিচেম্বৰৰ আগতে ভোটাৰ তালিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ভোটাৰ তালিকা প্ৰকাশ পালে ১০ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচন সমাপ্ত কৰিব পৰা যাব । জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব । পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ।”

অসমত দ্বিতীয়বাৰৰ বাবে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,”পাঁচ বছৰ পূৰ্বে অসমত বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰা হৈছিল । এইবাৰ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ‘আছাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্টাকচাৰ চামিট’ অনুষ্ঠিত হ’ব । এইবাৰ ইনফ্ৰাষ্টাকচাৰ চামিটো হ’ব । প্ৰধানমন্ত্রীয়ে এই সন্মিলনিত অংশগ্ৰহণ কৰাৰ সন্মতি প্ৰকাশ কৰিছে । ইয়াৰ বাবে দেশৰ বিভিন্ন স্থানত ৰোড শ্ব’ কৰা হ’ব ।”

ইফালে উপ-নিৰ্বাচনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়,”২৩ নৱেম্বৰত ফলাফল ওলাব । ইতিমধ্যে ই ভি এমত ফলাফল আছে । ২৩ তাৰিখে ফলাফল গম পোৱা যাব । এতিয়া জল্পনা-কল্পনা কৰি লাভ নাই ।” সংবাদমেলত মন্ত্রী বিমল বড়া, ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাও উপস্থিত আছিল ।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে