হস্তীপূজাৰে কাজিৰঙাত হাতী ছাফাৰী মুকুলি

পৰম্পৰাগত হস্তীপূজাৰে শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হয় ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী । প্রথম দিনাই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন দেশী-বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ বাবে ভিৰ কৰা দেখা গ’ল । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্রতি বছৰৰ দৰে এইবাৰো ১ নৱেম্বৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হয় এই হাতী ছাফাৰী ।

১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী মুকলি কৰিছিল । এতিয়া পৰ্যটকসকলে হাতী ছাফাৰীৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ দৰ্শন কৰিব পাৰিব । কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰী মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰা হয় ৷

সচৰাচৰ কাজিৰঙাত হাতী ছাফাৰী মুকলিৰ পূৰ্বে হস্তীপূজা কৰা হয় । এইবাৰো ব্যতিক্ৰম হোৱা নাই । পুৱাই প্ৰথমতে পৰম্পৰাগত হস্তীপূজা কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষ আৰু পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেষৰ সহযোগত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই হাতী ছাফাৰীৰ শুভাৰম্ভ কৰে । তাৰ পাছত মন্ত্ৰীগৰাকীয়ে নিজেও হাতী ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰে ।

ইফালে হাতী ছাফাৰীৰ প্ৰথম দিনাই কাজিৰঙাৰ মনোমোহা দৃশ্য তথা কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গঁড় দৰ্শন কৰি পৰ্যটকসকল আনন্দিত হৈ পৰে । অসম আৰু ভাৰতৰ লগতে বেলজিয়াম, ব্ৰিটেইন আদি দেশৰ ৩০ গৰাকী পৰ্যটকে হাতী ছাফাৰী কৰি আপ্লুত হৈ পৰে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…