দেওবাৰে পুৱা ৮.৩০ বজাত ছমাহৰ বাবে বন্ধ হ’ল কেদাৰনাথ ধামৰ মূল দুৱাৰ ৷ শীতকাল অহাৰ বাবে আজি পবিত্ৰ ভাই দুজৰ দিনাই বন্ধ কৰি দিয়া হয় বাবা কেদাৰনাথ ধামৰ দুৱাৰ ৷ ৬ বজাত গৰ্ভগৃহৰ দুৱাৰ বন্ধ কৰাৰ পিছত পঞ্চমুখী দৌলীক (পঞ্চমুখী দল) মন্দিৰ চৌহদলৈ অনা হয় ।
ইফালে দুৱাৰ বন্ধ হোৱাৰ এই অনুষ্ঠানত সেনাবাহিনীৰ দলৰ বাজনাৰ তালত নৃত্য কৰে ভক্তসকলে। যোৱা শনিবাৰে বাবা কেদাৰৰ ৰূপালী পঞ্চমুখী মূৰ্তিটো ভাণ্ডাৰৰ পৰা উলিয়াই আনে আৰু পঞ্চমুখী উৎসৱৰ মূৰ্তিটো পুৰোহিতে গা ধোৱায় ।
মন্দিৰ প্ৰদক্ষিণ কৰাৰ পাছত মন্দিৰৰ গৰ্ভগৃহত ভগৱান কেদাৰনাথৰ পঞ্চমুখী উৎসৱৰ মূৰ্তি দৌলী স্থাপন কৰা হয় । এই দৌলীতে বাবা কেদাৰৰ ভোগ মূৰ্তি শীতকালীন বিশ্ৰাম স্থান ওখীমঠৰ ওমকাৰেশ্বৰ মন্দিৰত উপস্থিত হ’ব । আজিৰে পৰা আগন্তুক ছয় মাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হৈ যাব বাবা কেদাৰনাথ ৷