তিৰুপতি লাড়ু বিতৰ্ক; সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন- ৰাজনীতিৰ পৰা ভগৱানক আঁতৰাই ৰাখক

দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱা তিৰুপতি মন্দিৰৰ লাড়ু প্ৰস্তুত কৰোতে ব্যৱহৃত ঘিউত জন্তুৰ চৰ্বি মিশ্ৰণৰ অভিযোগৰ শুনানি গ্ৰহণ কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বক্তব্যক লৈ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে ঈশ্বৰক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব লাগে।

উচ্চতম ন্যায়ালয়ে ৰাজহুৱা কৰা প্ৰতিবেদন জুলাই মাহৰ বুলি উল্লেখ কৰে যদিও ছেপ্টেম্বৰ মাহত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিবৃতি দি আছে। প্ৰসাদম গোচৰৰ তদন্ত কেৱল ৰাজ্য চৰকাৰে গঠন কৰা এছ আই টিয়ে কৰিব বা তদন্ত আন কোনো সংস্থাৰ হাতত অৰ্পণ কৰা হ’বনে সেই সন্দৰ্ভত ৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ে নিজৰ নিৰ্দেশ দিব পাৰে।

উচ্চতম ন্যায়ালয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক প্ৰশ্ন কৰিছে যে ৰাজ্য চৰকাৰৰ এছ আই টি যথেষ্ট নে কোনো স্বতন্ত্ৰ সংস্থাই নতুনকৈ তদন্ত কৰিব লাগে।

শুনানিৰ সময়ত আদালতে কয় যে এই প্ৰতিবেদনত প্ৰসাদত জন্তুৰ চৰ্বি মিশ্ৰিত ঘিউৰ লাড়ু ব্যৱহাৰ কৰা হৈছিল নে নাই সেয়া স্পষ্ট হোৱা নাই। আদালতে মন্দিৰ প্ৰশাসনক প্ৰশ্ন কৰে যে যি নমুনাত মিশ্ৰণ পোৱা গৈছে সেই নমুনা প্ৰসাদম নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে নেকি?

ইয়াৰ পাছত মন্দিৰ প্ৰশাসনৰ অধিবক্তাই কয় যে ইয়াৰ তদন্ত কৰিব লাগিব। এই সন্দৰ্ভত আদালতে কয় যে তদন্ত চলি থকাৰ সময়তে প্ৰসাদম লাড়ু বনোৱাত মিশ্ৰিত ঘিউ ব্যৱহাৰ কৰা বুলি প্ৰমাণ ক’ত।

উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া চৰকাৰে তদন্তৰ বাবে এছ আই টি গঠন কৰিছে, তেতিয়া এছ আই টিয়ে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰেছত বক্তব্য দিয়াৰ প্ৰয়োজনীয়তা কি আছিল। উচ্চতম ন্যায়ালয়ে কয় যে সাংবিধানিক পদত অধিষ্ঠিত লোকৰ পৰা দায়িত্ব আশা কৰা হৈছে। যদি আপুনি তদন্তৰ ফলাফলৰ বিষয়ে নিশ্চিত নাছিল, তেন্তে আপুনি কেনেকৈ বক্তব্য দিলে? যদি আপুনি ইতিমধ্যে বিবৃতি দি আছে তেন্তে তদন্তৰ কি লাভ।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ