দেশক লজ্জিত কৰা ঘটনা ঘটিল বিজেপি শাসিত ওড়িশাত, সেনা বিষয়াৰ বাগদত্তাক আৰক্ষীৰ যৌন নিৰ্যাতন

খোদ কৰ্তব্যৰত আৰক্ষীৰ বিৰুদ্ধে সেনা বিষয়াৰ বাগদত্তাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ওড়িশাৰ ৰাজনীতি গৰম হৈছে৷ নাৰীৰ সুৰক্ষাক লৈ গৰম হৈছে ওড়িশাৰ ৰাজনীতি৷ ঘটনাক গৰিহণা দি এয়া আচৰিত কাণ্ড বুলি অভিহিত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজু জনতা দলৰ সভাপতি তথা বিৰোধী দলৰ নেতা নবীন পাটনায়কে। ঘটনাক লৈ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে নবীন পাটনায়কে। নবীন পাটনায়কে আদালতৰ নিৰীক্ষণত এছ আই টি গঠন কৰি তদন্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ন্যায়িক তদন্তৰ দাবী জনায়। অভিযোগ মতে, ওড়িশাৰ ভৰতপুৰ আৰক্ষী থানাত এগৰাকী সেনা মেজৰ আৰু তেওঁৰ বাগদত্তাক যৌন নিৰ্যাতন চলোৱা হৈছিল। আৰক্ষীৰ কাণ্ডক লৈ দেশৰ সচেতন নাগৰিকৰ বিবেকক জোকাৰি গৈছে। দেশক সেৱা কৰা সেনা বিষয়া আৰু তেওঁৰ হ’বলগীয়া পত্নীক বাৰে বাৰে শ্লীলতা হানি কৰা হৈছিল৷ আজি নাৰীবাদী সংগঠনে শুকুৰবাৰে আৰক্ষী ভৱনৰ সন্মুখত ধৰ্ণা দিয়ে৷ সেনা বিষয়াৰ ফিয়াঞ্চিৰ যৌন নিৰ্যাতনৰ অভিযোগত জড়িত অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী জনায়৷ তাৰ পাছতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচজন আৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ ওড়িশা আৰক্ষীয়ে কয় যে ভুৱনেশ্বৰৰ ভৰতপুৰ আৰক্ষী থানাত এজন সেনা বিষয়াক আক্ৰমণ আৰু তেওঁৰ ফিয়াঞ্চিক উৎপীড়নৰ সন্দৰ্ভত পাঁচজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান ৱাই বি খুৰানিয়াই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পাঁচজন আৰক্ষী কৰ্মীক ঘোৰ অসদাচৰণৰ অভিযোগত নিলম্বিত কৰা হৈছে। ঘটনাৰ বিৱৰণ মতে, ১৪ ছেপ্টেম্বৰত ভুৱনেশ্বৰত ঘৰলৈ উভতিৰ সময়ত সেনা বিষয়া আৰু তেওঁৰ ফিয়াঞ্চিক হঠাতে অচিনাক্ত গুণ্ডাৰ এটা দলে খেদি আহে। সুৰক্ষাৰ বাবে নিকটতম আৰক্ষী চকীলৈ আহে৷ সেই সময়তে এজন আৰক্ষী পৰিদৰ্শকসহ কেইবাগৰাকী আৰক্ষীয়ে বক্ষক বাৰে বাৰে হাত দিছিল৷ বাধা দিয়াত আৰক্ষীয়ে দুয়োজনকে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল। তাৰ পাছতে যুৱতীক বিবস্ত্ৰ কৰি যৌন নিৰ্যাতন কৰিছিল আৰু শাৰীৰিক ভাৱে অত্যাচাৰ কৰা হৈছিল। ভৰি স্কার্ফেৰে বান্ধি যৌন উৎপীড়ন চলাই শেষত চুলিত ধৰি টানি নিছিল৷ নিজকে ৰক্ষা কৰিবলৈ এক আকুল প্ৰচেষ্টাত যুৱতীয়ে এজন বিষয়াক কামুৰিছিল বুলি অভিযোগ কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লকআপত থয়৷ পাছত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও ন্যায়ালয়ে জামিন প্ৰদান কৰে৷ ১৯ ছেপ্টেম্বৰত যুৱতীয়ে আঘাতৰ পৰা আৰোগ্য হৈ জিম্মাৰ পৰা মুকলি হয়। পিছত সংবাদ মাধ্যমত ঘটনাক লৈ বৰ্ণনা দি আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ বিৰোধী দলে বিজু জনতা দলে কয় যে ঘটনাই ৰাজ্যৰ বিজেপি চৰকাৰৰ অযোগ্যতাকে সূচাইছে। ৰাজ্যপাল ৰঘুবৰ দাসৰ পুত্ৰই ওড়িয়া বিষয়াক কৰা আক্ৰমণ হয়৷ বিজু জনতা দলৰ মুৰব্বী পাটনায়কে কয় যে যিদিনা বিজেপি চৰকাৰে আক্ৰমণৰ গুৰুতৰ গোচৰত ৰাজ্যপালৰ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰিছিল তেতিয়াই আনসকলে উৎসাহিত হৈছিল। মই এতিয়াও ৰাজ্যপালৰ পুত্ৰৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা ল’বলৈ দাবী জনাইছো।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে