ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ বুমলা পাছত ভাৰতীয় সেনা আৰু চীনা সেনাৰ লগত দীপাৱলী উদযাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে । সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে অৱগত কৰে ৰিজিজুৱে।
ভাৰত-চীন সীমান্তৰ ১৭,০০০ ফুট উচ্চতাত বুমলা পাছৰ সমীপত দেশ মাতৃক সুৰক্ষা প্ৰদান কৰা ভাৰতীয় জোৱানসকলৰ মাজত দীপাৱলীৰ মিঠাই বিতৰণ কৰি সমন্বয়ৰ ভাব বিনিময় কৰাৰ লগতে সেনা জোৱানসকলৰ মনোবল বৃদ্ধি কৰে মন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত লিখিছে,”চীনা সেনাৰ সৈতে কথা পতাৰ পিছত আৰু আন্তঃগাঁথনি পৰিদৰ্শনৰ পিছত প্ৰতিজন ভাৰতীয়ই ভাৰতৰ বৰ্তমানৰ সীমান্ত উন্নয়নৰ বাবে গৌৰৱ অনুভৱ কৰিব । অৰুণাচল প্ৰদেশৰ আমাৰ সেনা জোৱানসকলৰ সৈতে বুমলাত দীপাৱলী উদযাপন ।”