কোকৰাঝাৰত মেলেৰিয়াত আক্ৰান্ত হৈ ৫ টাকৈ শিশুৰ মৃত্যু

কোকৰাঝাৰত জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মেলেৰীয়া ৰোগে। জিলাখনত মেলেৰীয়া ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ’ল ১৭৮৯ গৰাকী হৈছেগৈ আৰু ক্ৰমান্বয়ে ৰোগীৰ সংখ্যা বাঢ়ি আছে। তদুপৰি মেলেৰীয়া ৰোগত আক্ৰান্ত হৈ জিলাখনত পাঁচগৰাকী শিশুৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে । আনহাতে এগৰাকী উচ্চশিক্ষিত যুৱকৰো মৃত্যু হৈছে। কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লুংচুং এলেকাত মেলেৰীয়াই আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অকল লুংচুং এলেকাতে ৫৯২ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে ।

৫৯২ গৰাকী মেলেৰিয়া আক্ৰান্তৰ ভিতৰত প্লাছমোডিয়াম ফেলচিফেৰাম (pf) বীজাণুৰ দ্বাৰা মেলেৰীয়া হোৱা ৰোগীৰ সংখ্যা ৩৯৮ গৰাকী আৰু প্লাছমোডিয়াম ভাইভেক্স(pv) বীজাণুৰ দ্বাৰা মেলেৰীয়া হোৱা ৰোগীৰ সংখ্যা ১৯৪ গৰাকী। অকল যে লুংচুং এলেকাতে মেলেৰিয়া ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এনে নহয় বৰং কোকৰাঝাৰ মহকুমাৰ অন্তৰ্গত বালাজান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, দোতমা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কচুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত সৰ্বমুঠ ১৭৬১ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত হৈছে ।

বালাজান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ লুংচুংত ৫৯২ জন , সৰলপাৰাত ২১৪ জন , উল্টাপানীত ৮৫ জন , কাজিমগিৰিনাত ১২ জন , মালিগাঁওত ৫১ জন আৰু জিৎপুৰত ৯ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত হৈছে । দোতমা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ মহেন্দ্ৰপুৰত ১৮৯ জন , আঠীয়াবাৰীত ৭২ জন , ঝাৰবাৰীত ৯৫ জন আৰু শিয়ালমাৰীত ৩২ জন লোক মেলেৰীয়াত আক্ৰান্ত হৈছে । আনহাতে কচুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ ভৰত নগৰত ৮৬ গৰাকী, কচুগাঁৱত ২৪৮ গৰাকী , জলেশ্বৰীত ১৩ গৰাকী আৰু জোনালীগাঁৱত ৬৩ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত হৈছে।

ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গোসাঁইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ২৮ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত হৈছে । ইয়াৰে প্লাছমোডিয়াম ফেলচিফেৰাম (pf) বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ০৮ জন আৰু প্লাছমোডিয়াম ভাইভেক্স(pv) বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২০ জন । অৰ্থাৎ কোকৰাঝাৰ জিলাত সৰ্বমুঠ মেলেৰীয়া ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ’ল ১৭৮৯ গৰাকী । ১৭৮৯ গৰাকী মেলেৰিয়া ৰোগীৰ ভিতৰত ৫৫৯ গৰাকী হ’ল প্লাছমোডিয়াম ফেলচিফেৰাম (pf) আৰু ১২৩০ গৰাকী হ’ল প্লাছমোডিয়াম ভাইভেক্স(pv) বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা মেলেৰীয়া ৰোগী । ১৭৮৯ গৰাকী মেলেৰীয়া ৰোগীৰ ভিতৰত বহুসংখ্যক শিশুও মেলেৰীয়া ৰোগত আক্ৰান্ত হৈছে ।

উল্লেখ্য যে চলিত সপ্তাহতে মেলেৰিয়াত আক্ৰান্ত হৈ কেবাজনো শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ চাওতাল ছাত্ৰ সন্থাই । সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপ- সভাপতি দূৰ্গা চৰেণ আৰু সদৌ আদিবাসী মহিলা সমিতিৰ সভানেত্ৰী পাউলিনা ইক্কাই অভিযোগ কৰা মতে  লুংচুং এলেকাত প্ৰায় ঘৰে ঘৰে মেলেৰীয়া ৰোগী আছে আৰু মেলেৰীয়া ৰোগৰ আক্ৰান্ত হৈ চলিত সপ্তাহতে পাঁচগৰাকী শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে । ইপিনে ভাৰপ্ৰাপ্ত জিলা মেডিকেল বিষয়া ড° পি ব্ৰহ্মই লুংচুং অঞ্চলত ৫৯২ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে বুলি সদৰি কৰিছে। শিশুৰ মৃত্যু সন্দৰ্ভত বিষয়টো অধিক পৰীক্ষা কৰিব লাগিব বুলি মন্তব্য কৰি আন ৰোগৰ ফলতো হ’ব পাৰে বুলি উল্লেখ কৰিছে ।

ইপিনে মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাত বিভিন্ন দল সংগঠনৰ নেৰ্তৃবৰ্গই উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে মেলেৰীয়াপ্ৰৱণ অঞ্চলসমুহত শীঘ্ৰে স্থায়ী স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে । প্ৰকৃততে মেলেৰীয়াপ্ৰৱণ অঞ্চলসমুহত যাতায়ত -খোৱাপানীৰ সুব্যৱস্থা নথকাৰ লগতে ভেক্টৰজনিত ৰোগ সন্দৰ্ভত কোনো ধৰণৰ সজাগতা নথকা পৰিলক্ষিত হৈছে । প্ৰধানকৈ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জনতাই খাল-ডোঙৰ পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে । তদুপৰি ২০২১ চনৰ পিছত বৰ্তমানলৈকে আঁঠুৱা বিতৰণ নকৰাত মেলেৰীয়া ৰোগী বাঢ়ি যোৱাৰ ইও এক কাৰণ হিচাপে পৰিগণিত হৈছে।

ইপিনে কোকৰাঝাৰ জিলাত মেলেৰীয়াই প্ৰায় মহামাৰীসদৃশ ৰূপ ধাৰণ কৰাৰ জটিল সন্ধিক্ষণৰ পিছতো মেলেৰীয়া বিভাগ ঘোৰ নিদ্ৰাত বুলি অভিযোগ উঠিছে। নুন্যতম স্বাস্থ্যসেৱাৰ পৰাও জনতা বঞ্চিত হোৱাৰ অভিযোগ উঠাৰ লগতে এইক্ষেত্ৰত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । লক্ষণীয় কথাটো হ’ল অকল যে লুংচুং এলেকাৰ দৰে দূৰ্গম এলেকাত মেলেৰিয়াৰ প্ৰাদূৰ্ভাৱ বাঢ়িছে এনে নহয় বৰং কেইদিনমান পূৰ্বে মেলেৰিয়াত আক্ৰান্ত হৈ কোকৰাঝাৰ মেডিকেল কলেজৰ নিকটৰ আইঠুগাঁৱৰ শিক্ষক সাংগ্ৰাং ওৱাৰীৰ উচ্চশিক্ষিত একমাত্ৰ সন্তান জৌংচাৰ ওৱাৰী মেলেৰিয়াত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছে । তদুপৰি লুংচুং অঞ্চলতো পাঁচগৰাকী শিশুৰ মৃত্যু হৈছে বুলি অভিযোগ কৰিছে সদৌ চাওতাল ছাত্ৰ সন্থাই। কোকৰাঝাৰ মেডিকেল কলেজত আইচিইউৰ সুবিধা নথকাৰ বাবে মেলেৰীয়া ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীত চিকিৎসা প্ৰদান নকৰি বাহিৰলৈ ৰেফাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…