অসুস্থ বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্য

 বিগত ৫ দিন ধৰি মহানগৰীৰ দিছপুৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক বিশিষ্ট নাট্যকাৰ, অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ। পৰিয়ালৰ তৰফৰ পৰা জনোৱা অনুসৰি নিম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি আছে শিল্পীগৰাকী ।

অসমীয়া সাংস্কৃতিক জগতৰ এক পুৰোধা নাম কুলদা কুমাৰ ভট্টাচাৰ্য । ১৯৩৩ চনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য একেধাৰে অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, ধাৰাভাষ্যকাৰ, আবৃত্তিকাৰ । লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত ভট্টাচাৰ্যও অন্যতম ।

অনাতাঁৰ নাট ‘পৰশুৰাম’ৰ জৰিয়তে জনপ্ৰিয়তা অর্জন কৰা শিল্পীগৰাকীয়ে অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বহুকেইখন জনপ্ৰিয় ৰেডিঅ’ নাটত অভিনয় কৰিছিল । এসময়ত অৰুণ শৰ্মাৰ বহুল জনপ্ৰিয় নাট ‘আহাৰ’ আৰু ‘নিবাৰণ ভট্টাচাৰ্য’ত কৰা অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছিল অভিনেতাগৰাকীয়ে ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!