শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শোণিতপুৰ জিলাক৷ অধ্যক্ষই নিজ শিক্ষানুষ্ঠানতে কৰ্মৰত শিক্ষয়িত্ৰীৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে৷ শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপনৰ পাছতে বিশ্বজিৎ বড়োক চাকৰিৰ পৰা নিলম্বন কৰিছে শিক্ষা বিভাগে৷
জানিব পৰা মতে, অধ্যক্ষ বিশ্বজিৎ বড়োৰ সৈতে এগৰাকী শিক্ষয়িত্ৰীৰ আছিল গোপন সম্পৰ্ক৷ শিক্ষয়িত্ৰীগৰাকীয়ে উলংগ হৈ নিজে নিজৰে মোবাইলত এটা ভিডিঅ’ ৰেকৰ্ড কৰি অধ্যক্ষ বিশ্বজিৎ বড়োক প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হয়৷ কিন্তু কিছুদিন পাছতে সেই ভিডিঅ’ ভাইৰেল হয়৷ সহকাৰী শিক্ষয়িত্ৰীগৰাকীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ অৱশেষত শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োক নিলম্বন কৰে বিভাগে৷