
বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ বৃহত্তৰ লাহোৱাল অঞ্চলৰ একমাত্র সংবাদসেৱী প্ৰতিষ্ঠান লাহোৱাল প্ৰেছ ক্লাবৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। লাহোৱালৰ নতুন বচাপথাৰ যুৱক সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে সভাপতি হোমেন ফুকনে ক্লাবৰ মুখ্য পতাকা উত্তোলন কৰাৰ লগে লগে সাংবাদিকসকল ক্ৰমে ভূষণজ্যোতি সন্দিকৈ, কনৌজ শইকীয়া, যাদৱ গগৈ, পাঞ্চুৰাজ কৌশিক, মুক্তামণি হাজৰিকা, বিজন্ত গগৈ, দ্বীপজয় শইকীয়া, ধৰণী গগৈ, ৰশ্মিৰেখা সাউদ কলিতা, প্ৰাঞ্জল গগৈ, ধনটি শইকীয়া, তপন কুমাৰ শইকীয়া, ৰাজু সোণোৱাল, বিশ্বজিৎ ফুকন, ৰাজিৱ সিং, বাপন পালৰ লগতে ডিব্ৰুগড় পৌৰ নিগমৰ ডেপুটি মেয়ৰ উজ্জ্বল ফুকন, সমাজকৰ্মী অজয় গগৈ, নৃপেন দত্ত, বেণু মাঝি, চিও কুমাৰ চাহু প্ৰমুখ্যে আমন্ত্ৰিত অতিথিবৃন্দই মুঠ ২২খন পতাকা উত্তোলন কৰে৷ লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্তই স্মৃতি তৰ্পণ কৰাৰ পাছতেই বৃক্ষ ৰোপণ কৰে লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা ক্ৰমে ভূষণজ্যোতি সন্দিকৈ আৰু কনৌজ শইকীয়াই। পুৱা দহ বজাত প্ৰেছ ক্লাবৰ উপদেষ্টা মুক্তামণি হাজৰিকাই উদ্বোধন কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতাত বহু সংখ্যক ছাত্র-ছাত্ৰীয়ে অংশগ্রহণ কৰে। সমান্তৰালভাৱে চলি থাকে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰ।স্থানীয় বহুলোকে এই চিকিৎসা সেৱা গ্ৰহণ কৰি উপকৃত হয় বুলি মন্তব্য প্ৰকাশ কৰে। বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হোৱা আড়ম্বৰপূর্ণ মুকলি সভাত পৌৰহিত্য কৰে প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দিবাকৰ দত্তই। সভাত লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ দত্তৰ লগতে ডিব্ৰুগড়ৰ আমন্ত্ৰিত জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঞি, সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ইকবাল আহমেদ, বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকা, অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা আদিয়ে সংবাদ জগত আৰু সাংবাদিকতাৰ বিষয়ে বহু মূল্যৱান বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত বিশেষ জুৰীবৰ্ডৰ নিৰ্বাচন অনুসৰি ডিব্ৰুগড়ৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে বৈষ্ণৱ পণ্ডিত ভৱকান্ত কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হয় আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাক আৰু সাংবাদিক উমাকান্ত চাংমাই সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয় দুলীয়াজানৰ প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈক। বঁটাৰ অংশ হিচাপে সম্বৰ্ধনা পত্ৰৰ লগতে গামোছা, চেলেং, পিতলৰ জাপি, এখন সফুৰা, একোটা স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন আগবঢ়োৱা হয়। ইয়াৰোপৰি লাহোৱাল প্ৰেছ ক্লাবৰ আটক ধুনীয়া মুখপত্র ‘লুইত’ উন্মোচিত কৰে লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্রসাদ দত্তই। উল্লেখ্য যে, আমন্ত্ৰিত অতিথি হিচাপে বিভিন্ন দল-সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া, বহুসংখ্যক জ্যেষ্ঠ সাংবাদিক, সমাজসেৱক তথা নতুন বচাপথাৰৰ ৰাইজ উপস্থিত থকা উক্ত সভাতে চিত্ৰাঙ্কণ প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলকো পুৰস্কাৰ প্ৰদান কৰা হয়।