পঞ্চায়তৰ সীমা নিৰ্ধাৰণ মানি নোলোৱাৰ ঘোষণা, লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা

লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা উজনি অসমৰ দুটাকৈ বিধানসভা সমষ্টি বিলুপ্ত কৰাত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিশেষকৈ লাহোৱাল সমষ্টি বিলুপ্তি কৰা কাৰ্যক সহজে ল’ব পৰা নাই সমষ্টিটোৰ অন্তৰ্গত ৰাইজে৷ তাৰ মাজতে আজি বিলুপ্তি লাহোৱাল বিধানসভা সমষ্টিৰ পঞ্চায়তসমূহ ভাঙি পুনৰ সীমা নিৰ্ধাৰণ কৰাত ৰাইজ নাৰাজ হোৱা দেখা যায়৷ গাঁও পঞ্চায়তসমূহত খেলিমেলি কৰা কাৰ্যক সহজে ল’ব পৰা নাই ৰাইজে। আজি পূৰ্বৰ লাহোৱাল বিধানসভা সমষ্টিৰ মোহনবাৰী গাঁও পঞ্চায়তৰ মিৰিপথাৰ গাঁৱৰ ৪নং ৱাৰ্ডত এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ মিৰিপথাৰ গাঁৱৰ ৪নং ৱাৰ্ড মোহনবাৰী গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰাত জাঙুৰ খাই উঠিছে ৰাইজ। মোহনবাৰী গাঁও পঞ্চায়তৰ মিৰিপথাৰ গাঁও ৪নং ৱাৰ্ডটো কৰ্তন কৰি কানাই গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। ৪নং ৱাৰ্ডটো কৰ্তন কৰি কানাই গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰে ৰাইজে। প্ৰতিবাদী সভাত বিধায়ক প্ৰশান্ত ফুকন মুৰ্দাবাদ, প্ৰশান্ত ফুকন গ’-বেক, মিৰিপথাৰ ৪নং ৱাৰ্ড কৰ্তন কৰিব দিয়া ন’হব আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়। প্ৰতিবাদী সভাৰ জৰিয়তে মোহনবাৰী গাঁও পঞ্চায়তৰ পৰা মিৰিপথাৰ ৪নং ৱাৰ্ড কৰ্তন নকৰিবলৈ জিলা আয়ুক্তক দাবী জনায়। পৰৱৰ্তী সময়ত আয়ুক্ত, মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

 

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক