পুনৰ লুইতৰ বিস্ফোৰণ, বাহিৰৰ IAS-এ অসমীয়া ছোৱালী-বোৱাৰীক পণ্য সামগ্ৰী বুলি ভাবে!

গুৱাহাটীঃ নামনি অসমৰ নলবাৰী জিলাৰ জিলা আয়ুক্তৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰ্চিত ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে এইবাৰ আন এগৰাকী আইএএছ বিষয়াৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ। আইএএছগৰাকীৰ নাম প্ৰকাশ নকৰাকৈ ফেচবুকত দিয়া এটা পোষ্টত এগৰাকী অসমীয়া যুৱতীক শাৰীৰিক শোষণ কৰাৰ অভিযোগ আনিছে। এই অভিযোগ উত্থাপন কৰি লুইত কুমাৰ বৰ্মনে বাহিৰৰ আইএএছে অসমীয়া ছোৱালী, বোৱাৰীবোৰক পণ্যৰ সামগ্ৰী বুলি ভাবে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে? অসমীয়া যুৱতীগৰাকীক চাকৰিৰ পৰা খেদি পঠিওৱা বুলি উল্লেখ কৰাৰ লগতে ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে বৰ্মনে। ইতিমধ্যে বৰ্মনৰ ফেচবুক পোষ্টটোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

লুইত কুমাৰ বৰ্মনে ফেচবুক পোষ্টটোত কয় ”Principal Secretaryৰ সমপৰ্যায়ৰ IAS officer এজন Assam Meghalaya cadreৰ অফিচাৰ। বৰ্তমান অসমত পোষ্টিং। উত্তৰ ভাৰতৰ বাসিন্দা। তেওঁৰ সম্বন্ধ চলিল departmentৰে এগৰাকী মহিলাৰ লগত যাৰ চাকৰি আছিল contractual। সম্বন্ধ যায় এনেকৈ পালে যে ঘৈনীয়েকক divorce দি হ’লেও অসমীয়া ছোৱালীজনীক বিয়া পাতিব। in fact সেন্দুৰো পিন্ধালে ছোৱালীজনীক যাৰ ফটো available। বহুত আপত্তিজনক ফটোও আছে। পিছত অফিচাৰৰ পত্নীয়ে গম পাই CMক গোটেই কথাখিনি ক’লে। CM য়ে বোধকৰো লগা লগ IAS জনক প্ৰথম transfer কৰি গুৱাহাটী আনিলে। তাৰ পিছত IAS officer জনে ছোৱালীজনীক চাকৰিৰ পৰা ১ ঘণ্টাত খেদিলে। যাৰ ফলত ছোৱালীজনীয়ে এতিয়া আৰ্থিক সংকটত ভুগি আছে। পৰিবেশ এনে পালে যে লবীৰ বাবে তাই বেলেগতো চাকৰি নোপোৱা হ’ল। এতিয়া কথা হ’ল এই বাহিৰৰ IAS বোৰে অসমীয়া ছোৱালী, বোৱাৰী বোৰক পন্যৰ সামগ্ৰী বুলি ভাবে নেকি? মই জানো এই আপডেট সেইজন IAS officer ৰ ওচৰত যাব। মোৰ দাবী হ’ল অহা সাত দিনৰ ভিতৰত তেওঁৰ চাকৰি ঘুৰাই দিয়ক। নহ’লে অষ্টম দিনা বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰিৰীক সম্বন্ধ কৰাৰ বাবে ভাৰতীয় ন্যায় সংহিতাৰ নতুন ধাৰা মতে তেখেতৰ ওপৰত গোচৰ দিয়া হ’ব। আৰু মনত ৰাখিব IAS লবীৰ power দেখাব চেষ্টা ছোৱালীজনীৰ ওপৰত বা মোৰ ওপৰত দেখাব চেষ্টা নকৰিব। প্ৰত্যেকজন বাহিৰৰ IAS officer ৰ ক’লা অধ্যায় মোৰ লগত আছে। সেইবোৰ খুলি দিব লাগিলে অসমৰ জনতাই থু দিব। এতিয়াৰ জনতা আগৰ দৰে নহয় যে IAS বুলি ক’লে ভয় খাব। Your time starts now. Independence Day ৰ দিনা independent হওঁক। যদি আলোচনাৰ মাধ্যমত সমাধান হয়, শত্ৰুতা কিয় কৰিব লাগে? আপুনিও নিজৰ কাম কৰক মোকো নিজৰ কাম কৰিব দিয়ক। Your time starts now….’’

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ